ভৰ যৌৱনৰ বয়সতে এক জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশাৰী টিংখাঙৰ আৰ্থিক ভাৱে দুৰ্বল এটি পৰিয়ালৰ এজন যুৱক। আঠ বছৰ আগতে পিতৃক হেৰুৱাব লগা হোৱাত যুৱক জনৰ মাতৃয়ে দিন হাজিৰা কৰি তিনি পুত্ৰ কন্যাক পোহ পাল দিব লগা হোৱাত ৰোগীয়া একমাত্ৰ পুত্ৰৰ ৰোগৰ চিকিৎসা কৰাবলৈও অসমৰ্থ হৈ পৰিছে।

টিংখাঙৰ ২ নং সাপকাইট গাঁৱৰ নিবাসী প্ৰয়াত আনন্দ গোৱালাৰ পুত্ৰ কমল গোৱালা বিগত তিনিবছৰৰ পূৰ্বে আক্ৰান্ত হয় স্নায়ুজনিত ৰোগত । বাগিছাত দিনহাজিৰা কৰা মাতৃয়ে পৰিয়ালটো পোহপাল দিয়াতে অসমৰ্থ তেনে ক্ষেত্ৰত কেনেকৈ পুত্ৰৰ চিকিৎসাৰ খৰচ বহন কৰিব। ইফালে দিনক দিনে যুৱক জন অধিক ৰোগীয়া হৈ পৰাত শয্যাশায়ী হব লগা হৈছে। যুৱকজনক চিকিৎসাৰ বাবে সহায় কৰিবলৈ চৰকাৰৰ লগতে ৰাইজলৈ কাতৰ আহ্বান জনাইছে মাতৃ যমুনা গোৱালাৰ লগতে ৰোগীয়া কমল গোৱালাই।

কোনো হৃদয় বান লোকে যদি দুভগীয়া পৰিয়ালটোৰ যুৱকজনক সহায় কৰিব বিচাৰে তেনেহলে মাতৃ যমুনা গোৱালাৰ চেণ্টেল বেংক অৱ ইণ্ডিয়াত থকা একাউণ্ট নম্বৰ 3980968315 , IFSC 0282616 নতুবা 84530-10502 মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ।