সোণাৰি বিধান সভা সমষ্টিৰ আজি অনুষ্ঠিত হোৱা এখনি সভাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি "জল জীৱন মিছন"ৰ অধীনত ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইডঙ্গীয়া পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন আৰু কামৰ শুভৰাম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি "জল জীৱন মিছন" ৰ সফল ৰূপায়ণৰ ফলত সোণাৰি সমষ্টিৰ গ্ৰামাঞ্চলৰ প্ৰায় লোকসকল ইতিমধ্যে উপকৃত হৈছে ৷ আজি আধাৰশিলা স্থাপন কৰা খোৱাপানী যোগান আঁচনি খনৰ কাম সম্পূৰ্ণ হলে ৰাইডঙ্গীয়া গাঁওৰ অঞ্চলৰ পৰিয়াল সমূহেও বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিব৷

বিশুদ্ধ খোৱা পানী যোগান ধৰা লক্ষ্যৰে আজি স্থাপন কৰা পানী যোগান আঁচনিখনৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ চফ্ৰাই মণ্ডল সমিতিৰ সভাপতি অৰ্জুন চেট্টী,মণ্ডলৰ সম্পাদক নকূল দত্ত ,সোনাৰি জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ ,ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকা , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় কাজল দে,দিলীপ কোঁৱৰ, যুৱ মৰ্চাৰ উপসভাপতি গুন বড়া, সোনাৰি নগৰৰ ৱাড সদস্য গিৰীন গগৈ,জিলা মিডিয়া চেলৰ আহ্বায়ক বিজয় গগৈ,পঞ্চায়তৰ ৱাড সদস্য-সদস্যা সকলৰ লগতে বিভাগীয় বিষয়া- কৰ্মচাৰী ও বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।