"জল জীৱন মিছন"ৰ অধীনত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত সোণাৰী বিধান সভা সমষ্টিৰ প্ৰতি ঘৰে ঘৰে আৰ্ছেনিকমুক্ত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে ।

আজি সোণাৰী বিধান সভা সমষ্টিৰ বেঙেনাবাৰী গাঁও পঞ্চায়তৰ ৰাইডঙ্গীয়াত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি “জল জীৱ মিছন”ৰ অধীনত ৰাইডঙ্গীয়া ন-কছাৰী পানী যোগান আঁচনিৰ খনৰ আধাৰশিলা স্থাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীৰ সৈতে সমাজকৰ্মী কাজল দে,বিজেপিৰ চফ্ৰাই মণ্ডলৰ সভাপতি অৰ্জুন ছেত্ৰী , ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কুমাৰ কোঁৱৰ,ৱাৰ্ড আয়ুক্ত গিৰিন গগৈৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ৷