আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ঢকুৱাখনা আৰক্ষীয়ে নাগৰিক সমাজৰ মাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায়। দেওবাৰে ঢকুৱাখনা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বাহিনীৰ সম্পাদক গুণ দাসৰ আহ্বান ক্ৰমে নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ কমল বৰাই ।থানাৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক গাঁও ৰক্ষী বাহিনীৰ বিষয়ববীয়া উপস্থিত থকা সভাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ে বক্তব্য ৰাখি সমাগত স্বাধীনতা দিৱসৰ আগে পাছে যাতে কোনোধৰণৰ অশান্তিকৰ আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি আৰক্ষীৰ সতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।তিনিদীনিয়াকৈ অনুষ্ঠিত হ’ব লগা এই দিৱসটো শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনী সমূহ অধিক তৎপৰ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায় । সভাত উপস্থিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাই বক্তব্য ৰাখি অনাগত সময়ছোৱাত কোনো অজ্ঞাত কূটাঘাতকাৰীয়ে কূটাঘাত মূলক কাৰ্য যাতে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনাই বাহিনীক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હારીજ ચાણસ્મા હાઇવે પર પગપાળા જતા સંઘને નડ્યો અકસ્માત
બ્રેકિંગ સમાચાર
હારીજ ચાણસ્મા .
પગપાળા જતા સંઘને નડયો અકસ્માત, 3ના મોત, પાંચ અતિગંભીર
...
દિયોદર માં બે વખત થઈ મારામારી
દિયોદર માં બે વખત થઈ મારામારી
Omar Abdullah Oath Ceremony: आज सीएम पद की शपथ लेंगे उमर अब्दुल्ला, 10 मंत्री भी लेंगे शपथ | Aaj Tak
Omar Abdullah Oath Ceremony: आज सीएम पद की शपथ लेंगे उमर अब्दुल्ला, 10 मंत्री भी लेंगे शपथ | Aaj Tak
সদৈকুছি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী নিৰদা ডেকাৰ মৃত্যু
হাজো সমষ্টিৰ অন্তৰ্গত গড়পোট গাৱঁৰ প্ৰয়াত শিক্ষক কেশৱ ডেকাৰ পত্নী তথা সদৈকুছি প্ৰাথমিক বিদ্যালয়ৰ...