--সুস্বাস্থ্য নহ'লে আমি একো কামেই শান্তিৰে কৰিব নোৱাৰো। ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া-শুনা, খেল-ধেমালি কৰিব নোৱাৰিব । শিক্ষকে শিক্ষাদানত মনোযোগ দিব নোৱাৰিব । আমি বেমাৰী হৈ চিকিৎসা কৰাতকৈ নিৰোগী হৈ থাকিবলৈ চেষ্টা কৰিব লাগে । অসমত গাৱে-ভূঞে স্বাস্থ্য সজাগতা কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আমি এটা সমীক্ষা চলাই গম পাইছোঁ যে অসমৰ বহু ৰোগীৰ মৃত্যু হয় সময়মতে চিকিৎসালয়লৈ নোযোৱা বাবে। টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েচনে এইটো এটা ভাল পদক্ষেপ লৈছে। যাৰ দ্বাৰা জনসাধাৰণ কিছু হ'লেও উপকৃত হ'ব। আজি টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ উদ্যোগত ১৮৬ নং খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ডা: চেমুৱেল হ্যানিমেনৰ ২৬৮ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাস্থ্য সজাগতা সভাত ভাষণ দি এইদৰে কয় বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ তথা জিএনআৰচি হস্পিতালৰ পৰিচালন সঞ্চালক ডা: নোমল বৰাই । টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ সভাপতি অজিত কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু উপদেষ্টা দিবাকৰ মেধিয়ে আদৰণি ভাষণ দিয়া সভাখনত ডা: বৰাই ভাষণ প্ৰসংগত কয় যে আমাৰ হাতখন দেখাত চাফা দেখিলেও ইয়াত বহুত বীজাণু লাগি থাকে, সেয়ে হাতেৰে কিবা খোৱাৰ আগতে হাত দুখন ভালদৰে ধুৱ লাগে বুলি কৈ হাত কেনেকৈ ধুব লাগে দেখুৱাই দিয়ে। তেখেতে মাখি পৰা কোনো খাদ্য নাখাবলৈ আৰু নিচাযুক্ত দ্ৰব্যৰ আঁতৰত থাকিবলৈ ৰাইজক আহ্বান জনায়। টিহুৰ ৰাজহ চক্ৰ বিষয়া অৰূপ কুমাৰ চৌধুৰীয়ে উদ্বোধন কৰা আৰু টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ সম্পাদক কুমুদ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আতঁধৰা সভাখনত উত্তৰ-পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ গনেশ তামুলীয়ে কয় যে অসমত আটাইতকৈ গেষ্ট্ৰীক বেমাৰ বেছি,কাৰণ অসমীয়া মানুহে সময়মতে খোৱা লোৱা নকৰে।ভাষণ প্ৰসংগত তেওঁ ৰোগীৰ মৃত্যুৰ বাবে চিকিৎসকক দোষী কৰাটো ভুল, কাৰণ চিকিৎসকে ইচ্ছা কৰি কোনো ৰোগীক নামাৰে বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত তামুলীয়ে টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ গঠনমূলক পদক্ষেপক ধন্যবাদ দিয়াৰ লগতে ডা: চেমুৱেল হ্যানিমেনৰ নামত এটি বঁটা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। শিল্পী-গীতিকাৰ হেমন্ত তালুকদাৰ ৰছিত আৰু পৰিৱেশিত এটি গীতেৰে আৰম্ভ কৰা সভাখনত জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা: প্ৰাণকান্ত ভট্টাচাৰ্যই ডা: চেমুৱেল হ্যানিম্যানৰ জীৱনৰ বিষয়ে কোৱাৰ উপৰি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে সকলোৱে নিজেই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত বুলি উল্লেখ কৰি স্বাস্থ্য মানুহৰ বাবে এক অমুল্য সম্পদ,স্বাস্থ্য ভালে থাকিলে যিকোনো কাম উৎসাহ উদ্দীপনাৰে কৰিব পাৰি বুলি উল্লেখ কৰে ৷ তেখেতে পুনৰ সুস্থ শৰীৰ আৰু সুস্থ মনে এখন সমাজ গঢ়ে বুলি উল্লেখ কৰে । তাৰোপৰি দাঁতৰ যতন, টোপনি , খোজ কঢ়া আদিৰ বিষয়ে কোৱাৰ লগতেই ছাত্ৰ-ছাত্ৰীসকলক কিতাপ উপহাৰ দিবলৈ শিকাব লাগে । সভাত টিহু প্ৰাথমিক প্ৰেৰণ গোটৰ উপ-অধীক্ষক ডা: তপন তালুকদাৰ , ডা: হৃষিকেশ লহকৰ, বিশিষ্ট সমাজকৰ্মী শংকৰ কুমাৰ দাস আদিয়েও বক্তৱ্য আগবঢ়ায়। সভাত ডা: ডেইজী বৈশ্য, ডা: মুকুল ভাগৱতী, ডা: সাধন দাস , ডা: দীপজ্যোতি বৰ্মন, টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সোমনাথ ডেকা, সমাজকৰ্মী কৰুণা কলিতা,ৱাৰ্ড কমিছনাৰ ইভা দাস , শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰাণকৃষ্ণ পাঠক,খলিহাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুভাষ ঠাকুৰীয়াকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু ভালেসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। সভাৰ পূৰ্বে দাৰ্শনিক পণ্ডিত,হোমিও চিকিৎসাৰ জনক ডা: চেমুৱেল হ্যানিমেনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ তালুকদাৰে আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট হোমিও চিকিৎসক ডা: অশ্চিনী কুমাৰ !