মৰাণ জিলা ক্ৰীড়া সন্থাৰ উপদেষ্টা তথা চেপন ক্ৰীড়া সন্থাৰ সভাপতি বিশিষ্ট ক্ৰীড়া সংগঠক গকুল চেতিয়া জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ক্ষন্তেক সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে৷ তেখেতে সামাজিক ক্ষেত্ৰত বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান চেপন ক্ৰীড়া সন্থাৰ লগতে সমগ্ৰ চেপন বাসী ৰাইজে কোনোদিনে পাহৰিব নোৱাৰিব ৷ তেখেতৰ বিয়োগত সমগ্ৰ চেপন অঞ্চলৰ এক অপূৰণীয় ক্ষতি হ’ল৷

বিদায় ক্ষণত সন্থাৰ তৰফৰ পৰা সদ্য প্ৰয়াত চেতিয়াৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা কৰা হয৷ মৰান জিলা ক্ৰীড়া সন্থা তথা অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ক্ৰীড়া সম্পাদক দিগন্ত গগৈৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদগতি কামনা কৰা লগতে শোক সন্তপ্ত পৰিয়াল ৰ্বগ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয ।