চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ অৱলম্বন কৰিছে ন ন কৌশল। গৰু চুৰি চক্ৰৰ কাৰ্য দেখিলে চকু কপালত উঠিব আপোনাৰো। নদীৰ প্ৰৱল সোঁতত জাকে জাকে গৰু নমাই দি ইপাৰ সিপাৰ কৰা দৃশ্যই শিহৰিত কৰিব আপোনাক।
গোলাঘাট জিলাৰ ধনশিৰি নদীত গৰু পাৰ কৰাৰ দৃশ্য এয়া। গৰু ছিণ্ডিকেট চক্ৰই নগালেণ্ডলৈ এনেদৰে গৰু সৰবৰাহ কৰে প্ৰায়ে।
ধনশিৰি মহকুমাৰ বৰপথাৰ সৰুপথাৰ হৈ নগালেণ্ডলৈ গৰু চালান দিয়ে এই বৃহৎ ছিণ্ডিকেটটোৱে। জিলাখনৰ বিহৰা বজাৰৰ পৰা নামবৰ অভয়াৰণ্যৰ মাজেৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰি এনেদৰে ধনশিৰি নদীৰ আলিছিগা ওচৰত গৰু পাৰ কৰে চোৰাং গৰু সৰবৰাহকাৰীয়ে।