কৰ’ণাৰ সমান্তৰালকৈ অসমত অব্যাহত আছে জাপানীজ এনকেফেলাইছিৰ সংহাৰ। বিগত ৩৭ দিনত অসমত জাপানীজ এনকেফেলাইটিছত কমেও ৬৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪৭ জন লোক আক্ৰান্ত হৈছে।

শনিবাৰে বিভাগৰ তৰফ পৰা এই তথ্য প্ৰকাশ কৰে।

শনিবাৰে নগাঁও জিলাৰ পৰা ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কাছাৰ, ডিব্ৰুগড়, কামৰূপ মেট্ৰ’কে ধৰি ১০ খন জিলাৰ পৰা নতুনকৈ সংক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি ১ জুলাইৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাৰ ভিতৰত ২২ খনতকৈও অধিক জিলাত জাপানীজৰ ফলত কমেও ৬৩ জন লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে যোৱা বছৰ ৰাজ্যখনত জাপানীজ এনকেফেলাইছিৰ ফলত ৪০ জন ৰোগীৰ মৃত্যু ঘটিছিল।