থলুৱা ভাৱে কেঁচুসাৰ উৎপাদন কৰি স্বাৱলম্বী তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ঢকুৱাখনা গন্ধীয়া কেইজনমান যুৱকে।
২০১৫চনত 'উই কেন মাছখোৱা'নামৰ এটা স্বেচ্ছাসেৱী সংগঠন গঠন কৰি বিভিন্ন উৎপাদন মূলক কাৰ্যত জড়িত হৈ আছে সংগঠনটো।বিশেষকৈ যুৱক কেইজনৰ প্ৰচেষ্টাত গঢ়ি তোলা স্বেচ্ছাসেৱী সংগঠনটোযে সেই অঞ্চলৰ এশ গৰাকীৰ শিপিনীৰ জড়িতে থলুৱা গামোচাৰ উদ্যোগটো শক্তিশালি কৰিবলৈ কাম কৰি আহিছে।শেহতীয়াকৈ এই সংগঠনটোৱে কৃষি ক্ষেত্ৰত জৈৱিক সাৰ প্রয়োগৰ বাবে কেঁচুসাৰ উৎপাদন কৰি প্ৰথম পৰ্যায়ত দুই টন কেঁচুসাৰ বিক্ৰী কৰিছে।
তেওঁলোকৰ আশা এনেদৰে থলুৱা সামগ্ৰী উৎপাদন আৰু বজাৰ দখলৰ জড়িয়তে আন্তৰ্জাতিক পৰ্যায়তো অসমে সুকীয়া আসন দশল কৰিবলৈ সক্ষম হব।