শক্তিবিভাগৰ অস্থায়ী কৰ্মচাৰী যৌথমঞ্চ আসাম ষ্টেটআউটচ'ৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ আহ্বান মৰ্মে আজি চৰাইদেউ জিলাৰ মৰাণ হাটৰ বিজুলী নগৰত অৱস্থিত শক্তি বিতৰণ কোঃ লিমিটেডৰ মৰাণ উপসংমণ্ডলত কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ উপসংমণ্ডলৰ কৰ্মচাৰী সকলে।শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ এঘাৰ দফীয়া সমস্যা সমাধানৰ দাবীত যোৱা ৪এপ্ৰিলৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশ হিচাবে আজি মৰাণতো এই কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ শক্তিখণ্ডত নিয়োজিত আশী শতাংশ অস্থায়ী বিদ্যুত কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণ কৰা , অসম চৰকাৰে ঘোষনা কৰা পাঁচ হেজাৰ পদত অস্থায়ী কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া, নিয়মীয়া কৰণ নোহোৱা পৰ্য্যন্ত সম কাম সম মজুৰিৰ ব্যৱস্থা কৰাক ধৰি এঘাৰ দফীয়া দাবী পূৰনৰদাবী জনাইছে অস্থায়ী শ্ৰমিক সকলে।চৰকাৰে এই প্ৰতিবাদত গুৰুত্ব প্ৰদান নকৰিলে ২৫ এপ্লিলৰ পৰা ৩০।এপ্ৰিললৈকে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ দিছে অস্থায়ী কৰ্মচাৰী সকলে।