চাওতে চাওতে পদুলিমুখ পালেহি হেপাহৰ ৰঙালী । ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি । ৰঙালী বিহুৰ প্ৰাকমুৰ্হুৰ্তত ইতিমধ্যে ঢোল, পেঁপাৰ মাতত মুখৰ হৈছে ৰাজ্যৰ আকাশ বতাহ ৷ এই সময়ত থলুৱা বাদ্যযন্ত্ৰ নিৰ্মানকাৰী শিল্পীসকল ব্যস্ত হৈ পৰিছে ৷ উল্লেখ্য নলবাৰী জিলাৰ টিহু নগৰৰ কৃষ্ণ বাদ্যকৰ নামৰ লোকজনে নিৰ্মান কৰা ঢোল পেঁপাৰ শব্দত ৰজনজনাই উঠে বিহু মঞ্চ ৷ অসমীয়াৰ জাতীয় জীৱনৰ অতি প্ৰাচীন লেকবাদ্যসমুহৰ ভিতৰত বৰঢোল, খোল, নাগাৰা, পেঁপা, মৃদংগ আদি বাদ্যসমুহ অতি নিখুঁতভাৱে তৈয়াৰ অথবা মেৰামতি কৰা বৃত্তিটোৰ প্ৰতি আকৃষ্ট হৈ জীয়াই ৰাখিছে টিহুৰ কৃষ্ণ বাদ্যকৰে ৷ এই বৃত্তিটো তেওলোকৰ পৰম্পৰাগতভাৱে অতীতৰে পৰা চলি আহিছে ৷ এই ব্যৱসায়েৰে পৰিয়ালটোক পোহপাল দি আহিছে কৃষ্ণ বাদ্যকৰে ৷ তেখেতৰ ল'ৰা জিন্তু, নিখিল আৰু ৰাজু বাদ্যকৰৰ লগতে পৰিয়ালৰ আটাইকেইজনে সহযোগ কৰি আহিছে ধোল নিৰ্মাণত ৷ তেওঁলোকে আম, কঁঠাল, মদাৰ, কদম আদি গছ কিনি আনি ঘৰতে নিৰ্মান কৰা এই বাদ্যযন্ত্ৰসমুহ অসমৰ দৰং, ওদালগুৰি, গোৰেশ্বৰ, বাইহাটা আদি ঠাইসমুহলৈ ৰপ্তানি কৰি আহিছে ৷

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं