সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাটো স্বাস্থ্য সেৱা উৎসৱৰ শুভ আৰম্ভণি। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দেশৰ ভিতৰত প্ৰথম বাৰৰ বাবে ৰূপায়িত কৰা স্বাস্থ্য সেৱা উৎসৱ আজিৰে পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত অনুষ্ঠিত হব। গোলাঘাট জিলাত আজি মাননীয় স্বাস্থ্য মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত মহোদয় আৰু মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয়ে স্বাস্থ্য সেৱা উৎসৱৰ আনুষ্ঠানিক উদ্বোধন কহৰা স্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত কৰে। উদ্ধোধন অনুষ্ঠানৰ পিছতেই মাননীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাহ্যিক মূল্যায়নকাৰি ৰূপে চিকিৎসালয় খন পৰিদৰ্শন কৰি ঔষধ, কাম কাজ, ষ্টাফ কোৱাৰ্টাৰ, চিকিৎসালয় খনত উপলভ্য সুবিধা সমূহ আদিৰ বুজ লয়। গোলাঘাট জিলাত ৬ এপ্ৰিল, ২০২৩ তাৰিখৰ দিনা মুঠ ১৯ খন স্বাস্থ্য কেন্দ্ৰ সমূহৰ বাহ্যিক মান নিৰ্ধাৰন কৰে ৯ গৰাকী বাহ্যিক মান নিৰ্ধৰকাৰি সকলে। স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে। সমগ্ৰ অসমৰ ১২৫২ খন চিকিৎসালয়ত স্বাস্থ্য সেৱা উৎসৱৰ আজি আৰম্ভণি হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰডুমচা আৰু ডিগবৈ পৰা সন্ধানহীন তিনি কিশোৰক কৰায়ত্ত গুৱাহাটীত।
বৰডুমচা আৰু ডিগবৈ পৰা সন্ধানহীন তিনি কিশোৰক কৰায়ত্ত গুৱাহাটীত।
শিৱসাগৰত বৃহৎ পৰিমানৰ চুৰি খাৰুৱা তেল ভৰ্তি ৪৮ ড্ৰাম জব্দ
শিৱসাগৰ গৌৰীসাগৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ চুৰি খাৰুৱা তেল ভৰ্তি এখন বাহন জব্দ কৰে |...
House of cards of Punjab AAP will collapse soon ,,
Kejriwal's darbar in Delhi cannot save the sinking ship: Chugh
Panic signals have already started...