৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাৰ দিপ্তাৰ পৰা বাক্সা জিলাৰ মাহখৰীয়া সংযোগী পথত থকা এখন অৰ্ধনিৰ্মিত ভগ্ন দলঙে অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাই আহিছে।২০১১চনতে বিপিএফ আৰু কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দিনত অঞ্চলটোৰ হৰহৰীয়া জানৰ ওপৰত পকী দলং এখন আৱন্টন কৰা হৈছিল যদিও দলংখন সম্পূৰ্ণৰূপে আজিলৈ নিৰ্মাণ কৰা নহ'ল।যাৰ পৰিপ্ৰেক্ষিতত বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সম্বল হৈ পৰিছে বাহৰ সাকোঁ।বাৰিষা ফেনে ফুটুকাৰে নৈখন উফন্দি উঠিলে কলৰ ভূৰেৰে এই অঞ্চলৰ ৰাইজে ইপাৰ সিপাৰ হ'ব লগা হয়।জানটোৰ আনটো পাৰে থকা অংগণবাদী কেন্দ্ৰ,প্ৰাথমিক বিদ্যালয়,মধ্য ইংৰাজী বিদ্যালয় আদিলৈ আদি বিপদসংকুলভাৱে আহ-যাহ কৰিব লগা হয় কণ কণ শিশু আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী।এইক্ষেত্ৰত উক্ত অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ বিভাগীয় কতৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক সমস্যাৰ বিষয়ে অৱগত কৰাই আহিছে যদিও বৰ্তমানলৈ অঞ্চলটোৰ ৰাইজৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।অসমৰ মুখ্যমন্ত্ৰী তথা বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ হস্তক্ষেপ আশা কৰিছে অঞ্চলবাসীয়ে।