বিশ্বনাথ চাৰিআলি , ৫ এপ্ৰিলঃ সময় বাগৰাৰৰ লগেলগে আমাৰ মাজৰ পৰা হেৰাই যায় বহু বস্তু ৷ এসময়ত নহ'লেই নোহোৱা অথবা আবেগ বিজড়িত বহু বস্তু এতিয়া কেৱল নষ্টালজিয়া হৈ পৰিল ৷ দীঘল এণ্টেনা এডালৰ সৈতে থকা তিনি বেটেৰীয়া ৰেডিঅ'টো যিদৰে হেৰাই গ'ল, ঠিক তেনেদৰেই হেৰাই গ'ল চিঞাহী কলমটো । প্ৰায় দুটা দশকৰ পূৰ্বৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহুল জনপ্ৰিয় চিঞাহীৰ কলমটো আদৰ কমি যোৱাৰ ফলত বিপণিসমূহতো সুলভ নোহোৱা হ'ল ৷ কেৱল চিঞাহী কলমটোৱেই নহয়, বল পইণ্ট কলমটোৰো এতিয়া প্ৰায় ব্যৱহাৰ নোহোৱাই হ'ল ৷ নোহোৱাটোৱেই স্বাভাৱিক, কীবৰ্ডখনত হাত বুলায়েই যিহেতু লিখিব পৰা হ'ল সকলো ৷ চহীটোও ডিজিটেল হ'ল ৷

কিছুমান বস্তু হেৰাই যোৱাটো নিবিচাৰে বহুতে ৷ সেয়েহে এতিয়াও ব্যৱহাৰ কৰি থাকিব বিচাৰে তেওঁলোকে ৷ সেয়া লাগিলে অভ্যাসগতভাৱেই হওক, আবেগক বাধা দিব নোৱাৰিয়েই হওক অথবা মাদকতা কঢ়িয়ায়েই হওক । তেনে এজন ব্যক্তি হ'ল বিশ্বনাথ চাৰিআলিৰ দিলীপ কাকতি ৷ দিলীপ কাকতি বিশ্বনাথ মহকুমা দণ্ডাধীশ ন্যায়ালয়ৰ এগৰাকী কৰ্মচাৰী ৷

সমাজকৰ্মী হিচাবেও পৰিচিত দিলীপ কাকতিয়ে ব্যবহাৰ নকৰে বল পইণ্ট কলম ৷ ডিজিটেলাজেশ্যনে গ্ৰাস কৰা পৃথিৱীখনত আজিও সেই বৈ থকা নীলা চিঞাহীৰ কলমটোৰ গুৰুত্ব জীয়াই ৰাখিছে দিলীপ কাকতিয়ে ৷ হেৰুৱা পৃথিৱীখনৰ এটি সমলক জীয়াই ৰখা কাকতিয়ে জানিবলৈ দিয়ে এনেদেৰে- " মই চিঞাহীৰ কলম ব্যৱহাৰ কৰোঁ ৷ এই কলমৰ ব্যৱহাৰে আমাৰ উপকাৰ সাধন কৰে । বল বা ডট কলম ব্যৱহাৰ কৰিলে লিখোঁতে এটা হেঁচা প্ৰয়োগ কৰিবলগীয়া হয় আৰু সেইবাবে দীঘলীয়া সময় ধৰি লিখি থাকিলে ডিঙিৰ ওচৰত এটা বিষ অনুভৱ হয় ৷ সময়ত আমাৰ ৰাজহাড় পৰ্যন্ত এই বিষ বিয়পিব পাৰে । অৰ্থাৎ বেমাৰে দেখা দিয়াৰ সম্ভাৱনা আছে ৷ চিঞাহী কলমত এই পাৰ্শ্বক্ৰিয়া প্ৰভাৱ বেছি নপৰে আৰু দীঘলীয়া সময় ধৰি লিখি থাকিব পাৰি ৷"