গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ত আজি প্ৰৱেশ নিষিদ্ধ । অৱশ্যে মহাবিদ্যালয়খনৰ গাড়ী-মটৰ-চাইকেলৰহে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । খোজকাঢ়িহে দেৱৰাজ ৰয় মহাবিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী । গাড়ী-মটৰচাকেল লৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব অধ্যক্ষ,অধ্যাপক,অধ্যাপিকা,প্ৰৱক্তা,কৰ্মচাৰীও । দেৱৰাজ ৰয় মহাবিদ্যালয়ত আজি প্ৰৱেশ নিষিদ্ধ কৰা হয় সকলোধৰণৰ ইন্ধন যান- বাহন। এই কঠোৰ নীতি আজি বলবৎ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জয়ন্ত বাৰোকিয়ালে । যাৰ ফলত আজি মহাবিদ্যালয়খনত সকলোৱেই খোজকাঢ়িহে প্ৰৱেশ কৰা পৰিলক্ষিত হয় ।অৱশ্যে বেটাৰী চালিত স্কুটি,চাইকেল আদি প্ৰৱেশ কৰিব পাৰিব । অধ্যক্ষ ড° জয়ন্ত বাৰোকীয়ালে প্ৰকাশ কৰামতে পৰিৱেশ সজাগতাৰ উদ্দেশ্যে এই নতুন নিয়ম মহাবিদ্যালয়খনত বলবৎ কৰা হৈছে । প্ৰতিমাহৰ প্ৰথম সোমবাৰটোত এই বিধি মহাবিদ্যালয়খনত বলবৎ থাকিব ।