স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত ঢকুৱাখনা সদৰ থানা এলেকাৰ গ্ৰাম্য অঞ্চলত শান্তি শৃংখলা অব্যাহত ৰাখি সুস্থ সামাজিক পৰিবেশ সৃষ্টিৰ সজাগতা বৃদ্ধি লক্ষ্যৰে এক বিশাল বাইক সমদল উলিওৱা হয়। ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৱজ্যোতি ৰয়, উপ পৰিদৰ্শক সিদ্ধাথ নাথ,সহকাৰী উপ পৰিদৰ্শক ছাতিৰাম গয়াৰী নেতৃত্বত আৰু ভালে সংখ্যক আৰক্ষী যোৱানৰ সহযোগিতাত থানা চৌহদৰ পৰা উলিওৱা হয় এক বাইক সমদল।

সদৰ থানা পৰা শুভাৰম্ভ হোৱা বাইক সমদলকাৰী সকলে নগৰৰ বলাই ঘাট হৈ আমগুৰি হৈ দাং ধৰা তিনিয়ালিত ওলাই পুনৰ বকুল গুৰি চাৰীয়ালী হৈ টেকেলিফুটা ঘাট,মাতমৰা হৈ বিভিন্ন গ্ৰাম্য অঞ্চল পৰিভমী ৰাজহুৱা স্থানত শান্তি শৃংখলা অব্যাহত ৰাখি স্বাধীনতা দিৱস শান্তি শৃংখলা ৰে উদযাপন কৰিবলৈ ৰাজহুৱা আহ্বান জনায় পুনৰ থানা ত উপস্থিত হয়।