বিশিষ্ট লেখিকা ডঃ ৰীতা চৌধুৰীক বীৰাঙ্গনা মুলাগাভৰু বঁটা প্ৰদান

অসমৰ প্ৰথিতজশা সাহিত্যিক, সাহিত্য অকাডেমি বঁটা প্ৰাপক ডঃ ৰীতা চৌধৰীক আগবঢ়োৱা হৈছে বীৰাঙ্গনা মুলাগাভৰু বঁটা। টাই আহোম যুৱ পৰিষদ, অসম (টাইপ)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কালি নিশা সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা দশম বাৰ্ষিক বীৰাঙ্গনা মুলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত অসমৰ বিশিষ্ট লেখিকা গৰাকীক এই বঁটাৰে বিভূষিত কৰে টাইপাৰ সভাপতি দিলীপ গগৈয়ে। ভালে সংখ্যাক বিশিষ্ট অতিথি, ছাত্ৰ সংগঠনৰ নেতা আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। কেইবাটাও সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰাৰ মাজতে ডঃ ৰীতা চৌধুৰীক আগবঢ়োৱা হয় এই বঁটা। অনুষ্ঠানত সদ্য অসম গৌৰীৱ বঁটাৰে বিভূষিত হোৱা আশা কৰ্মী ছিলা গোৱালা, অগ্ৰণী পশুপালক জ্যোতি বৰুৱা আদিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।