আজি ভাৰতীয় জনতা পাৰ্টি মৰাণ বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ কৃষক মৰ্চা সভাপতি মুনীন চুতীয়াৰ সভাপতিত্বত ঠেঙাল গাওঁৰ প্ৰেক্ষাগৃহত কাৰ্যনিৰ্বাহক সভাখনি অনুষ্ঠিত হৈ যায়। উক্ত সভাত লৰুৱা মণ্ডলৰ সভাপতি সূৰ্য্যফুকন, সাধাৰণ সম্পাদক জিতু গগৈ মৃনাল দাস, জিলাৰ কৃষক মৰ্চাৰ উপ-সভানেত্রী তথা লৰুৱা মণ্ডলৰ প্ৰভাৰী অৰ্পণা।দত্ত বৰা গৰুধৰীয়া পঞ্চায়তৰ সভানেত্ৰী তথা জিলাৰ মহিলা মৰ্চাৰ সামাজিক মাধ্যম আহ্বায়িকা নিতুমনি চেতিয়া গগৈ , জিলাৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ হাজৰিকা আৰু মণ্ডলৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি দিগন্ত কছাৰী উপস্থিত থাকে।

  বিজেপি খোৱাং মণ্ডলৰ সভাপতি ক্ষীৰোদ দুৱৰা সভাখনিত উপস্থিত থাকি "কৃষক সকলক দ্বাৰা সামাজিক মাধ্যমৰ ব্যৱহাৰ" ওপৰত বক্তব্য ৰাখে।