মন্দিৰটোৰ টলা ভাঙি চোৰে লুটিলে সোন -ৰূপৰ লগতে নগদ ধন । 

নিশা কোনো নথকাৰ সুযোগ লৈ মন্দিৰটোৰ তিনি কেজি ৰূপৰ ফুল , দহ হাজাৰ টকা টকা, বহুকেইটা পুৰণি ঘান্টি , কাহ পিতলৰ বাচন বৰ্তন লৈ উধাও হয় চোৰ । 

দেওবাৰে পুৱা চকিদাৰ আহি মন্দিৰত প্ৰৱেশ কৰাৰ পিছতহে পোহৰলৈ আহে চুৰি কাণ্ডৰ ঘটনা ।

পিছত জালাহ আৰক্ষী চকী মন্দিৰটোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈকে অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱা নাই । 

উল্লেখ্য যে, বাক্সাৰ অঞ্চলিস্থিত সন্ন্যাসী শিৱ ধামত পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পুৰ্ণ হয় বুলি বহু দুৰ দুৰনিৰ পৰা ভক্তৰ সমাগম হয় মন্দিৰটোত ।