মাটিৰ গৰাকীৰ নামতো জালিয়াতিৰে ভুৱা একাউন্ট খুলি প্ৰায় ৪৪ লাখ টকা হস্তগত কৰাৰ অভিযোগ 

প্ৰায় এটা মাহৰ মূৰত মৰাণ আৰক্ষীৰ জালত পৰিল দুই মষ্ট ৱান্টেড মাটিৰ দালাল মকচদ আলি খান আৰু চফি আহমেদ ৷ মাটিৰ গৰাকীৰ অজ্ঞাতে এই দুই দালালে এটা মাহৰ ভিতৰতে একেডোখৰ মাটিকে দুজন গ্ৰাহকক বিক্ৰী কৰা লগতে ভূৱা একাউন্ট খুলি হস্তান্তৰ কৰিছিল প্ৰায় ৪৪ লাখ টকা ৷ ভূক্তভোগী মাটিৰ প্ৰকৃত গৰাকীয়ে ন্যায় বিচাৰি মৰাণ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত প্ৰায় এটা মাহ তদন্তৰ পাছত যোৱা নিশা দুয়োকে আটক কৰি সোধপোচ আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য মৰাণৰ তৰাজান গাঁৱৰ প্ৰয়াত মুহিবুৰ ৰহমানৰ কন্যা জৰ্জিনা বেগমৰ নামত মৰাণ পিয়লিনগৰত থকা এক কঠা চাৰি লোচা মাটি চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ নিবাসী মনচুৰ আলি খানৰ পুত্ৰ মকচদ আলি খান আৰু প্ৰয়াত আল্লাউদ্দিন আহমেদৰ পুত্ৰ চফি আহমেদে ভয়ংকৰ জালিয়াতিৰে দুজন গ্ৰাহকক বিক্ৰী কৰে ৷ মৰাণ ৰাজহ চক্ৰৰ দাগ নং ৮৬৫ আৰু পট্টা নং ৫৮১-ৰ একেখিনি মাটিকে দালাল দুটাই প্ৰথমে মৰাণ আহোম গাঁৱৰ চন্দনা বৰুৱাক ২১ লাখ ৫০ হাজাৰ টকাৰ বিনিময়ত যোৱা ডিচেম্বৰ মাহত বিক্ৰী কৰে ৷ একেখিনি মাটিকে পুণৰ ১০ দিনৰ পাছতে মৰাণ নগৰৰ সন্তোষ দেৱী আগৰৱালাক ২২ লাখ ৪০ হাজাৰ টকাত বিক্ৰী কৰে ৷ এই বৃহৎ পৰিমানৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত দুই অভিযুক্ত মকচদ আলি খান আৰু চফি আহমেদে ভুৱা ফটো, ভূৱা নথিপত্ৰৰে জালিয়াতি কৰি মাটিৰ প্ৰকৃত গৰাকী জৰ্জিনা বেগমৰ নামত বেংক একাউন্ট খুলি হস্তান্তৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ উপাধ্যায়ে তদন্ত কৰি দুই অভিযুক্তক শনিবাৰৰ ভিতৰত থানাত হাজিৰ হ'বলৈ চুড়ান্ত সময়সীমা বান্ধি দিছিল ৷ যোৱা নিশা দুয়ো মৰাণ আৰক্ষী থানাত হাজিৰ হোৱাৰ পাছতে আৰক্ষীয়ে আটক কৰি জেৰা আৰম্ভ কৰিছে