একালৰ ছাত্ৰনেতা তৌফিক ৰহমানে এতিয়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত চাহৰ দোকানেৰে স্বাৱলম্বীতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে।১৯৯৫চনৰ পৰা ২০০৫চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৰমা আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদকৰ পদ অলংকৃত কৰা তৌফিক ৰহমানে তাৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সামাজিক কামত নিয়োজিত হৈ বৰ্তমান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সহকাৰী সম্পাদকৰ পদত অতিষ্ঠিত হৈ আছে।সদৌ অসম ছাত্ৰ সন্থাৰ নিয়োজিত হৈ থকাৰ সময়ত ছাত্ৰ সন্থাৰ সমুজ্বল ভট্টাচাৰ্য,সৰ্বানন্দ সণোৱাল,প্ৰবীণ বড়ো,তপন গগৈ,দীপাংকৰ নাথ,শংকৰ প্ৰসাদ ৰয় আদি নেতাৰ সান্নিধ্য লাভ কৰিছিল।২০০৩চনত IMDT আইন বাতিলৰ ৰায় লৈ গুৱাহাটী সৰ্বানন্দ সণোৱাল অহাৰ সময়ত 

বৰমা আঞ্চলিকৰ পৰা ২২খনকৈ বাছেৰে আদৰিবলৈ গৈছিল তৌফিক ৰহমানসহ অন্যান্য সতীৰ্থ।

জীৱন সংগ্ৰামত বহু ঘাট প্ৰতিঘাট নেওচি পৰিয়ালৰ পোহ পাল দিয়াৰ বাবে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দাতিত দিপ্তাত সৰুকৈ চাহৰ দোকান দিছে তৌফিকে।

২০০১চনত অ'বিবি শিক্ষকৰ চাকৰি লাভ কৰিছিল যদিও বৰ্তমানেও চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ক্ষোভ প্ৰকাশ কৰে।