উত্তৰ পূৰ্ৱাঞ্চলত যোগ আৰু নৈসৰ্গিক চিকিৎসা সম্পৰ্কীয় কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আয়ুষ মন্ত্ৰালয়ে ডিব্ৰুগড় জিলাত যোগ আৰু নৈসৰ্গিক চিকিৎসাৰ কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এই প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা পশ্চিম ডিব্ৰুগড় ৰাজহচক্ৰৰ অৰ্ন্তগত দিহিং খামটিহাটৰ ভূমিখণ্ড পৰিদৰ্শন কৰি স্থানীয় চক্ৰবিষয়াৰ সৈতে এই সৰ্ন্দভত আলোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ এই পৰিদৰ্শনৰ সময়ত ডিব্ৰুগড়ৰৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ যুটীয়া সচিব পমী বৰুৱা উপস্থিত থাকে ।