গোলাঘাটত চোৰাং চুপাৰি ভৰ্তি দুখনকৈ ট্ৰাক জব্দ । নাগালেণ্ড ভিমাপুৰ হৈ গোলাঘাটৰ ৰাষ্ট্ৰীয় পথেৰে অবাধ গতিত অব্যাহত আছে ম্যানমাৰী চুপাৰ ৰমৰমঈয়আ বেহা । কোন এই চুপাৰি মাফিয়া ইফটিকাৰ আৰু জাভেদ। গোলাঘাটৰ ইফটিকাৰ আৰু বৰপেটাৰ জাভেডৰ নেতৃত্বত ম্যানমাৰী চুপাৰিৰ চোৰাং বেহা অব্যাহত থকাৰ তথ্য উন্মোচিত হৈছে । ৰোৱা নিশা গোলাঘাটৰ আৰক্ষীয়ে ৰঙাজানৰ সমিপত ৰাষ্ট্ৰীয় পথত অভিযান চলাই দুখন ম্যানমাৰী চোৰাং চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । নাগালেণ্ড 

 ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ NL 01 AB 2272 আৰু AS11 EC 2144 । জব্দ কৰা ট্ৰাক দুখনৰ চালক হেণ্ডিমেনক গোলাঘাট আৰক্ষীয়ে আটক কৰিছে । চুফাৰী খিনি কাৰ সেইয়া আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে । অৱশ্যে গোলাঘাটৰ জনৈক ইফটিকাৰ আৰু বৰপেটাৰ জনৈক জাভেদ নামৰ দুজন চুপাৰি মাফিয়াই নাগালেণ্ড দিশৰ পৰা চোৰাং চুপাৰি ভৰ্তি ট্ৰাক দুখন আনিছিল বুলি এক সুত্ৰই দাবী কৰে । এই চুপাৰি মাফিয়া দুজনে একাংশ আৰক্ষী বিষয়াক মেনেইজ কৰি মনিপুৰ,ডিমাপুৰ,কাৰ্বিআংলং জিলাৰ আৰক্ষীৰ নাকী তালাচী অতিক্ৰম কৰি গোলাঘাট জিলাৰ মাজেৰে এনেদৰে ম্যানমাৰী চুপাৰিৰ চোৰাং বেহা চলাই যাবলৈ সক্ষম হোৱা বুলি চৰ্চিত হৈছে ।