বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ত নিযুক্ত হৈ থকা ঠিকা ভিত্তিক টেট শিক্ষক সকলে নিজৰ প্ৰাপ্য বকেয়া ধন বিচাৰি আন্দোলনৰ পথ লব লগা হৈছে ৷ বিগত ছয় বছৰে প্ৰায় তিনি শতাধিক শিক্ষকে নিজৰ বকেয়া ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰবাবে আজি বকেয়া বঞ্চিত শিক্ষকসকলে ৰাজপথলৈ ওলাই আহি চৰকাৰক বকেয়াৰ ধন মোকলাই দিবলৈ দাবী কৰিব লগা হৈছে ৷ উল্লেখ্য যে বিগত ২০০৭ চনৰ পৰা আজিলৈ বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত ঠিকা ভিত্তিক টেট শিক্ষকসকলে বকেয়াৰ ধন পাবলৈ সক্ষম হোৱা নাই ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰে বিটিচি কৰ্তৃপক্ষলৈ বকেয়াৰ ধন মোকলাই দিবলৈ নিৰ্দেশও প্ৰেৰণ কৰিছিল ৷ কিন্তু ৰহস্যজনক ভাৱে এই নিৰ্দেশ পোৱাৰ পিচতো শিক্ষকসকলে বকেয়াৰ ধন পাবলৈ সক্ষম নহ' ল ৷ বকেয়া বঞ্চিত শিক্ষক সকলে অভিযোগ কৰা অনুসৰি বিগত সোতৰ মাৰ্চৰ পৰা বকেয়া ধনৰ বাবে তেওঁলোকে কাম কাজ কৰি আহিছে ৷ সেই অনুসৰি ১৭ মাৰ্চত ৰাজ্য চৰকাৰে বিটিচিৰ ডব্লিউ বি টি বিভাগলৈ বকেয়াৰ ধন মোকলাই দিবলৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷ সেই অনুসৰি ডব্লিউ বি টি বিভাগে যোৱা ২৭ মাৰ্চত বাক্সাৰ কোষাগাৰলৈ এক নিৰ্দেশ প্ৰেৰণ কৰে ৷ কিন্তু দূৰ্ভাগ্যজনক ভাৱে শিক্ষক সকলে নিজৰ নিজৰ বিল যিটো পৰ্টেলত আপলোড কৰিব লাগে সেইটো আজিলৈ খোল নাখালে ৷ যাৰবাবে বিত্তীয় বৰ্ষৰ শেষৰ দিনটোও উকলি যোৱা পাচত শিক্ষকসকল হতাশ হোৱাৰ লগতে ক্ষুন্ন হৈ পৰিছে ৷ তেওঁলোকে বাক্সাৰ মুছলপুৰত থকা কোষাগাৰৰ সম্মুখত একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৷ আনকি এই বিষয়টো অতিশীঘ্ৰে মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনায় ৷ তেওঁলোকে কয় যে আমি আনৰ ধন বিচৰা নাই ৷ আমাৰ প্ৰাপ্যখিনি হে বিচাৰিছো ৷ ছয় বছৰে মুকলি কৰি দিয়া নাই আমাৰ প্ৰাপ্য ধন ৷ আমাক আমাৰ প্ৰাপ্য বকেয়াখিনি শীঘ্ৰে মোকলাই দিয়ক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान उपचुनाव से पहले सरगर्मी तेज, BJP पुराने चेहरों के भरोसे, कांग्रेस अपना रही ये रणनीति
राजस्थान में पांच सीटों पर उपचुनाव होने वाले हैं, जिसे लेकर यहां पर दलों में तैयारी तेज हो गई है....
বিশ্বনাথ চাৰিআলিৰ গলীয়াত হৰ ঘৰ তিৰংগাৰ সজাগতা ৰেলী
বিশ্বনাথৰ গলিয়াস্থিত এৰাবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত সমগ্ৰ ৰাজ্যৰ লগতে হৰ ঘৰ তিৰংগাৰ...
টংলাৰ বনগাঁৱত ভাগৱত পাঠ অনুষ্ঠানৰ পৰিচালনা সমিতি গঠন
সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত বৃহত্তৰ পূব টংলাবাসী ৰাইজ একত্ৰিত হৈ ভাতৃত্ববোধ তথা...
HP Omen 17 (2023)
HP Omen 17
जब लैपटॉप की बात आती है तो आप एक छोटे से स्टाइलिश डिवाइस की ओर देखते हैं जो दिन भर...
অতিকৈ লজ্জাজনক! বহিঃ ৰাজ্যৰ যুৱতীক চলন্ত ৰে'লত নিৰ্যাতন RPF জোৱানৰ
এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বহিঃৰাজ্যৰ যুৱতীক চলন্ত ৰেলত নিৰ্যাতন আৰপিএফ জোৱানৰ ।লামডিঙৰ পৰা...