এগৰাকী চৰকাৰী বিষয়াৰ বিৰুদ্ধে ওলাই আহিল সহস্ৰাধিক মহিলা ৷ চৰকাৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে কপাঁই তুলিলে আকাশ- বতাহ ৷ এই দৃশ্য বাক্সা জিলাৰ জালাহৰ ৷ জালাহত থকা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় চৌহদত এনেদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে এইসকল মহিলাই ৷ পিচে এই সকল মহিলা আন কোনো নহয় ৷ জালাহ শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ অধীনৰ অংগনাবাডী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাহে ৷ জানিব পৰা মতে জালাহ শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী বিপুল ৰয়ৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হ' ল কৰ্মী- সহায়িকাসকল ৷ উল্লেখ্য যে নাৰী কেলেংকাৰীৰ পৰা অগংনবাডীৰ খাদ্য সামগ্ৰী বিক্ৰী কৰি দূৰ্ণীতিত লিপ্ত এইগৰাকী বিপুল ৰয় জালাহ শিশু উন্নয়ন প্ৰকল্পত বিগত ২০০৭ চনৰ পৰা ২০১০ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল ৷ কিন্তু দূৰ্ণীতি তথা কেলেংকাৰীত লিপ্ত বিপুল ৰয়ক বিটিচি পৰিষদে অইন ঠাইলৈ বদলি কৰিছিল ৷ পিচে এইগৰাকী কৰ্মচাৰীয়ে পুনৰ জালাহত যোগদান কৰিবলৈ অহাত অংগনবাডীৰ কৰ্মী- সহায়িকাসকল প্ৰতিবাদমুখৰ হৈ পৰে ৷ বিপুল ৰয়ৰ বিৰুদ্ধে সকলোৱে ওলাই আহি গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ নাৰী কেলেংকাৰীত জৰিত বিপুল ৰয়ক নালাগে, বিপুল ৰয় মূৰ্দাবাদ, আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কৰ্মী- সহায়িকাসকলে বিপুল ৰয়ক পুনৰ যোগদান কৰিব দিলে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ দিয়ে!
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजकीय उच्च प्राथमिक विद्यालय रायता में प्रखर राजस्थान कार्यक्रम की हुई शुरुआत
बून्दी
फ़रीद खान
राजकीय उच्च प्राथमिक विद्यालय रायता में प्रखर राजस्थान कार्यक्रम की हुई शुरुआत...
😍Prabhas Is Dating 10 Year Younger Kriti Sanon At Adipurush Movie Set
😍Prabhas Is Dating 10 Year Younger Kriti Sanon At Adipurush Movie Set
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিধায়ক পদ্ম হাজৰিকাৰ ছেল্ফি ষ্টেণ্ডত ফটোচেচন
#স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিধায়ক পদ্ম হাজৰিকাৰ ছেল্ফি ষ্টেণ্ডত ফটোচেচন।
AKOAL | संघटित प्रयत्नातूनच ब्राह्मण समाजाची उन्नती शक्य - अजय देशपांडे
AKOAL | संघटित प्रयत्नातूनच ब्राह्मण समाजाची उन्नती शक्य - अजय देशपांडे
અમદાવાદ વડોદરા હાઇવે પર અકસ્માત સર્જાયો ઇક્કો કાર નો અકસ્માત સર્જાયો eeco કારનું ટાયર ફાટક સર્જાયો હતો જેમાં એક વ્યક્તિનું પટના સ્થળે પહોંચી વધુ કાર્યવાહી હાથ કરી હતી
અમદાવાદ વડોદરા હાઇવે ઉપર ઇકો કારનું ટાયર ફાડતા અકસ્માતર લાવ્યો હતો અકસ્માતમાં એક વ્યક્તિનું ઘટના...