ঢকুৱাখনা বিধানসভা সমষ্টিৰ ভিতৰত প্ৰথমটো প্ৰধান মন্ত্ৰী মৎস্য সম্পদা যোজনা ২০২১-২০২২ৰ অন্তৰ্গত ক্ষুদ্র'মাছৰ দানা উৎপাদন'কেন্দ্ৰৰ শনিবাৰে কাৰ্যৰ শুভাৰম্ভ কৰা হয়।মৎস্য সম্পদৰ উদাৰশীলতা বৃদ্ধিৰ লগতে স্ব নিয়োজৰ লক্ষ্য উদ্দেশ্যেৰে ঢকুৱাখনাৰ নগৰ খলিহামাৰিত স্থাপন কৰা কেন্দ্ৰিয় চৰকাৰৰ অৰ্থ সাহায্য প্রাপ্ত এই প্ৰকল্পৰ পকী খুটাত শিল,বালি,চিমেণ্ট ৰ মিশ্ৰণ দি নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে ঢকুৱাখনা ৰ মহকুমা মীন বিষয়া দিগন্ত চেতিয়াই।

প্ৰায় ৫০ফুট দীঘল আৰু ৩০ফুট বহল এই 'মিনি ফিছ ফিড মিল'ৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কাৰ্যসূচীত থাকি সহযোগিতা আগবঢ়াই ঢকুৱাখনা উন্নয়ন খণ্ডৰ মীন প্ৰদৰ্শক ঋতম প্ৰতিম দাস, ঘিলামৰা খণ্ডৰ মীন প্ৰদৰ্শক বিশ্বজিৎ লালুং ,উৎপাদন কেন্দ্ৰৰ হিতাধিকাৰী জিতুমণি লাগাচো ,উদ্যমী যুৱক গণেশ লাগাচো আৰু অন্যান্য শুভাকাংক্ষী ৰাইজ।নিদিষ্ট সময়ত কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি যাৱতীয় যন্ত্ৰপাতিৰ সংস্থাপন ৰে উন্নত মানৰ মাছৰ খাদ্য উৎপাদন কৰি ঢকুৱাখনা, ঘিলামৰা, মাজুলিকে ধৰি সমগ্ৰ এলেকা ৰ মীন পালক সকলক সুলভ মূল্য ত মাছৰ খাদ্য ধৰিবলৈ কেন্দ্ৰটো সক্ষম হব বুলি প্ৰকাশ কৰিছে মীন বিভাগে।