শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত মেকিপুৰ চাহ বাগিচাত সদৌ অসম ৰাজোৱাৰ সমাজৰ একবিংশতিতম চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়।

         সদৌ অসম ৰাজৱাৰ সমাজৰ একবিংশতিতম চতুৰ্থ ত্ৰি-ভাষিক অধিবেশন খনি ২৫ আৰু ২৬ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাজৱাৰ জাতিৰ অগণন প্ৰতিনিধিবৰ্গৰ সমাবেশত অতি ধুমধামেৰে অনুষ্ঠিত হৈ যায়।অধিবেশন উপলক্ষে প্ৰদৰ্শন কৰা বাৰে ৰহনীয়া সাংস্কৃতিক শোভা যাত্ৰাই মোহিত কৰিলে উপস্থিত ৰাইজক। প্ৰথম দিনা পুৱা সূৰ্য পূজা আৰু মাড়োৱা পূজাৰ অন্তত কেন্দ্ৰীয় সভাপতি মণ্ডল ৰাজৱাৰে মূল পতাকা উত্তোলন কৰাৰ লগে লগে আটাইকেইখন জিলাৰ সভাপতি সম্পাদক সকলে পতাকা উত্তোলন কৰি কেন্দ্ৰীয় সম্পাদক দৌলত ৰাজৱাৰৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কাৰ্যসূচীৰে অধিৱেশনৰ অন্যান্য কামকাজ আগবঢ়াই নিয়া হয়। চাহ জনগোষ্ঠীৰ অন্যতম ৰাজৱাৰ জাতিয়ে বৃহত্তৰ চাহ জনজাতি আদিবাসী জনগোষ্ঠীক নেতৃত্ব প্ৰদাণেৰে অসমীয়া সমাজখনৰ উত্তৰণত বিশেষ অৰিহনা যোগাই অহাৰ সমান্তৰালভাবে জাতিটোৰ সাংগঠণিক ভেটি বৰ্তাই ৰখাত সদায় তৎপৰতা প্ৰদৰ্শণ কৰি অহা পৰিলক্ষিত হয়।এক উৎসৱ মূখৰ পৰিৱেশৰ মাজত ৰাজৱাৰ জাতিৰ কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি 'দনা' নামেৰে এখন আটকধুনীয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰে কাৰ্যকৰী সভাপতি চাহ জনগোষ্ঠী আদিবাসী ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ-সমিতি,অসম সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি ৰাজেন ৰুহিদাসে। উল্লেখ্য যে অধিৱেশন থলীত কেইবাখনো জিলাৰ পৰা অহা ৰাজৱাৰ সমাজৰ প্ৰতিনিধিসকলক লৈ অনুষ্ঠিত পূৰ্ণপৰ্যায়ৰ প্ৰতিনিধি সভাত প্ৰস্তাৱ সমৰ্থন যোগে নাজিৰাৰ বাসিন্দা তথা বিশিষ্ট শিল্পী ভদ্ৰ ৰাজৱাৰ আৰু তেজপুৰৰ যুৱ সমাজকৰ্মী দৌলত ৰাজৱাৰক লৈ ৩১ জনীয়া এটি শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।জিলাখনৰ অন্যতম সাংস্কৃতিবান ঠাই মেকিপুৰ চাহ বাগিচাত অনুষ্ঠিত সদৌ অসম ৰাজৱাৰ সমাজৰ কেন্দ্ৰীয় অধিবেশনৰ গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে পৰজা জনজাতীয় গৱেষক মিন্টু মিঞ্জুৰ, লেখক অনিল ৰাজবংশী,সদৌ অসম ৰাজৱাৰ যুৱ পৰিষদৰ সভাপতি বিজিত ৰাজৱাৰ,সম্পাদক সোভানন্দ ৰাজৱাৰ,সদৌ অসম ৰাজৱাৰ মহিলা সমিতিৰ সভানেত্ৰী নিৰ্মলা ৰাজৱাৰ,সম্পাদিকা জ্যোতিশ্ৰী ৰাজৱাৰ আৰু নাজিৰা শাখা চাহ মজদুৰ সংঘৰ প্ৰাক্তন সভাপতি দেবেন ৰবিদাসৰ উপৰিও স্থানীয় বিশিষ্ট শিক্ষক বৰুন ৰাজৱাৰ,সমাজ কৰ্মী বলোৰাম ৰাজৱাৰ,দিলিপ ৰাজৱাৰকে প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।