নলবাৰী চহৰৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিলে বৰমাৰ সমবৰ্তী নলবাৰী জিলাৰ বৰজাৰত প্ৰণামী হালৈৰ আছে এখন চাহৰ দোকান।পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ সম্বল প্ৰণামী।চৰকাৰী চাকৰি এটাৰ পিছত হাবাথুৰি নাখাই নিজৰ এটা আচাৰৰ ব্ৰেণ্ড সাজি এগৰাকী সফল উদ্যোগীলৈ নিজৰ জীৱনৰ বাট মেলিছে প্ৰণামীয়ে।সেয়াই নহয়,প্ৰণামী হালৈ হৈ পৰিছে আন দহগৰাকীৰ বাবে আদৰ্শ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৩শতাংশ নম্বৰ কৰাৰ পিছত নলবাৰী মহাবিদ্যালয়ত স্নাতক আৰু নলবাৰী কৰিয়াৰ শিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডি এল এড ডিগ্ৰী লাভ কৰা মেধাবী ছাত্ৰীগৰাকীয়ে শিক্ষা জীৱনৰ সমান্তৰালকৈ চলাই নিছে ব্যৱসায়।
মাত্ৰ চাৰিহাজাৰ (৪,০০০)টকাৰে আৰম্ভ কৰিছিল আচাৰৰ ক্ষুদ্ৰ ব্যৱসায়।পিছৰ পৰ্যায়ত স্থানীয় বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে বিশ হাজাৰ(২০,০০০) টকাৰ আৰ্থিক সাহায্যৰে ব্যৱসায়টোক আৰু বহল ভিত্তিত কৰিবলৈ লয়।এতিয়া প্ৰাণামী হালৈ এগৰাকী সফল ক্ষুদ্ৰ আচাৰ ব্যৱসায়ী।