নলবাৰী জিলাৰ ৬১নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাট পথে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক।কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ধৰ্মপুৰৰ কেইবাটাও বাট পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভূগাই আহিছে অঞ্চলবাসীক।বিধানসভা সমষ্টিটোৰ অন্তৰ্গত কৈঠালকুছিৰ পৰা নলবাৰী সংযোগী, কৈঠালকুছিৰ পৰা চামতা সংযোগী আৰু কৈঠালকুছিৰ পৰা হাৰিভাংগা সংযোগী তিনিটা গুৰুত্বপূৰ্ণ পথৰ অৱস্থা বৰ্তমান শোচনীয়।বিভিন্ন স্থানত একাঠু পৰ্যন্ত বোকাপানীৰে জৰাজীৰ্ণ গুৰুত্বপূৰ্ণ পথ তিনিটা নিৰ্মাণত দাবীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা হৈছিল প্ৰতিবাদী কাৰ্যসূচী।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

কিন্তু এই পথকেইটা পুণঃনিৰ্মাণ বা মেৰামতিৰ ক্ষেত্ৰত বৰ্তমানলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল।যাৰ ফলত পথকেইটাৰে আহ যাহ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথচাৰী।ইয়াৰ লগতে কৈঠালকুছি বজাৰ চ'কত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানী।বিভিন্ন শিক্ষানুষ্ঠান,বিত্তীয় প্ৰতিষ্ঠান বেংক আৰু অন্যান্য কামত পথটোৰে আহ যাহ কৰা ৰাইজে একাঠু বোকাপানীৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে।এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অতিশীঘ্ৰে পথকেইটা মেৰামতি কৰি যাতায়তৰ সুচল কৰি দিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে।