নলবাৰী জিলাৰ নাথকুছিত যোৱা ২২ মাৰ্চৰ পৰা দহদিনীয়া কাৰ্য্যসূচীৰে অনুস্হিত হোৱা নমাটি বাৰোৱাৰী বাসন্তী পূজা শতবৰ্ষৰ আজি সপ্তম দিন ৷আজি সপ্তম দিনৰ কাৰ্য্যসূচীত ৰাতিপুৱাৰে পৰা সপ্তমী বিহিত পুজা আৰম্ভ হৈ তাৰ পিছত ওজাপালিৰ দেৱী বন্দনা আৰু ভাওনা প্ৰদৰ্শন অনুস্হিত হয় ৷ইয়াৰ পিছত সন্ধিয়া ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাৰ সঞ্চালনাত " নৱপ্ৰজন্মৰ ওপৰত আধ্যাত্মিকতাৰ প্ৰভাৱ" শীৰ্ষক আলোচনা চক্ৰ খন অনুস্হিত হয় ৷আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকি বৰপেটা এম চি কলেজৰ অৱসৰী অধ্যাপক ড°সুৰেশ শৰ্মাই —নৱ প্ৰজন্মই ৰাষ্ট্ৰীয় মানৱ সম্পদ বুলি কয় ৷আজি নৱপ্ৰজন্মই শাৰিৰীক,মানসিকভাবে সুষ্ঠ হব লাগিব ৷ সমাজত মাদক দ্ৰব্যৰ আসক্তি বাঢ়িছে বুলি কৈ নৱ প্ৰজন্মক আধ্যাত্মিকতা জ্ঞান দিব লাগিব বুলি কয় ৷তেও অষ্টাঙ্গী যোগৰ কথা কয় ৷যি ৰাগিয়াল বস্তু সেৱন কৰে সি কেতিয়াও আয়নাৰ ফালে নাচায় বুলি কয় ৷মানুহৰ আয়ুস বহুত বেছি কিন্তু মানুহে নিয়ম নীতিত নচলি নিজৰে আয়ুস কমায় বুলি কয় ৷ নতুন শিক্ষানীতিত নৱপ্ৰজন্মক শাৰিৰীক,মানসিক জ্ঞান দিবলগীয়া পাঠ্যক্ৰম সন্নিবিষ্ট কৰিব বুলিও তেও আশা প্ৰকাশ কৰে ৷অকল আঠু লৈ সেৱা কৰিলে আধ্যাত্মিকতা নহয় বুলি কৈ শাৰিৰীক আৰু মানসিক ভাবে সুষ্ঠ কৰি দেশৰ যি উত্তৰনৰ কামত আগবাঢ়ি যাব তেতিয়া সুস্থ সমাজ এখন গঢ়ি উঠিব বুলি কয় ৷ইপিনে সভাত উপস্থিত থাকি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সঞ্জয় দাসে আমি প্ৰথমতে আমাৰ আত্মাক শক্তিশালী কৰি তুলিব লাগে বুলি কয় আৰু তেতিয়াহে আমি আগবাঢ়ি যাব পাৰো বুলি কয় ৷ সকলো মানুহৰ মাজত এটা আধ্যাত্মিকতাৰ মনোভাৱ গঢ়ি তুলিব লাগে বুলি কয় ৷তেও বিশেষকৈ বৰ্তমানৰ সমাজত নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিকতাৰ মনোভাৱ গঢ়ি তুলিব লাগে ৷এই ক্ষেত্ৰত সকলো অভিভাৱক অভিভাবিকা ,সচেতন ব্যক্তি সকলে গুৰুত্ব দিয়া উচিত বুলি কয় ৷সভাত উপস্থিত থাকি

সচেতন নাগৰিক মঞ্চ অসমৰ সভাপতি চন্দন ভট্টাচাৰ্যই কয় যে আমি নিজকে মানুহ বুলি কও ৷মানুহৰ চিন্তন শক্তি আছে বাবে ৷মানুহৰ আধ্যাত্মিক চেতনা থাকিব লাগে বুলি কৈ যুৱ সমাজৰ মাজত আধ্যাত্মিক চেতনাবোধ জোগাই তুলিব লাগে বুলি কয় ৷সকলোৰে ভাল হোৱাটো কামনা কৰা সেয়া আধ্যাত্মিকতা ৷নতুন প্ৰজন্মক উত্থান ঘটাব লাগে বুলি কয় ৷আজি যুৱ সমাজৰ মাজত উশৃঙ্খলতা বাঢ়িছে ৷এই যুৱ উশৃঙ্খলতা কমাব লাগিলে আধ্যাত্মিকতাৰ জ্ঞান দিব লাগিব ৷তেও নৱপ্ৰজন্মক সমাজৰ প্ৰতি দায়বদ্ধতাৰ জ্ঞান দিব দিব লাগে বুলি কয় ৷ সভাত উপস্থিত থাকি

পুৱ কামৰূপ কলেজৰ সহকাৰী অধ্যাপক খনিন্দ্ৰ দাসৰ উপৰি কেইবাগৰাকী ব্যক্তিয়ে আধ্যাত্মিকতাৰ ওপৰত ভাষন প্ৰদান কৰে ৷

 ইপিনে সন্ধিয়া শতবৰ্ষ উদযাপনৰ" স্মৃতিগ্ৰন্থ "উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে ৷গ্ৰন্থখন উন্মোচন কৰি তেও অসমীয়া ভাষাৰ ,গামোচাখনৰ বহু দুৰ্দশা হোৱা বুলি কয় ৷তেও সংস্কৃতিৰ

 স্খলনৰ মাত মাতিব কয় ৷সমন্নয়ৰ নামত গামোচাখন বিকৃত কৰিছে ৷অসমীয়াভাষাটোকো বিদ্যালয় সমুহৰ পৰা আতৰাই ৰাখিব নেকি বুলিও তেও প্ৰশ্ন কৰিছে ৷দুৰ্গতি নাশিনীক আমি আজি পুজা কৰিছো যাতে কাৰো অমঙ্গল নাহে ৷আমি আজি অসুৰবিলাকক যদি প্ৰশ্ৰয় দিও তেতিয়া কিন্তু পুজাৰ কোনো সাৰ্থকতা নাথাকিব ৷অপসংস্কৃতি মানে অসুৰ ৷আৰু এই অসুৰক আমি বিনাশ কৰিব লাগিব বুলি কয় ৷যেতিয়ালৈকে পাঠকে গ্ৰন্থ এখন নপঢ়ে তেতিয়া সি উন্মোচন নহয় ৷উন্মোচন হয় গ্ৰন্থখন যেতিয়া পাঠকৰ হৃদয়ত থাকে 

। অন্য এখন গ্ৰন্থ সুৰেন্দ্ৰ নাথ লাউজাৰীৰ "জীৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ" উন্মোচন কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সোমনাথ ডেকাই ৷তেও গ্ৰন্থখন এখন বিজ্ঞান ৷এই গ্ৰন্থখনে গোটেই নমাটিৰে এটা সজীৱ সৃষ্টি হৈ ৰব বুলি কয় ৷জীৱ বৈচিত্ৰ্য্যৰ ওপৰত লিখা এই গ্ৰন্থখন লিখকে বহু ধৈৰ্য্য ধৰি তথ্যসম্বলিতভাবে লিখি উলিয়াছে ৷গ্ৰন্হৰ সৃষ্টি প্ৰথম মানৱ সভ্যতাৰ যুগত সৃষ্টি হৈছিল বুলি কয় ৷সভাত অন্য এখন গ্ৰন্থ অৰবিন্দ লহকৰৰ "অনেক পাতত মোৰ কবিতা " উন্মোচন কৰে টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ তালুকদাৰ ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশনেৰে সপ্তম দিনৰ কাৰ্য্যসূচীৰ সামৰণি পৰে ।