ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলা কৃষক মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভাখনি আজি দিনযোৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে চিলাপথাৰ নগৰ মণ্ডল মূখ্য কাৰ্যালয়ত সমাপণ হয়। সভাত সভাপতিত্ব কৰে কৃষক মৰ্চাৰ জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰণৱ কুমাৰ দাস ডাঙৰীয়াই।
উক্ত সভাত উপস্থিত থাকে কৃষক মৰ্চাৰ জিলাৰ সন্মানীয় প্ৰভাৰী শ্ৰীযুত জগদীশ গুপ্তা ডাঙৰীয়া,
ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মানীয় সঞ্চালক শ্ৰীযুত গুজ্ঞন গগৈ, ডাঙৰীয়া, ADO শ্ৰীযুত মানস জ্যোতি বৰুৱা ডাঙৰীয়া, জিলাৰ জৈৱিক সাৰ উৎপাদক শ্ৰীযুত বিকী পাল, আদৰ্শ খেতিয়ক শ্ৰীযুত মুলান ভূঞা,বিশিষ্ট মীনপালক শ্ৰীযুত ডিম্বেশ্বৰ হাজৰিকা ডাঙৰীয়া লগতে মৰ্চাৰ সন্মানীয় বিষয়ববীয়া সকল মণ্ডল সন্মানীয় সভাপতি সকল আৰু দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকল।
উল্লেখযোগ্য যে আজি সভাতেই উপস্থিত কৃষক সকলক চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সমূহৰ ওপৰত মাৰ্গ দৰ্শন কৰে জিলাৰ সন্মানীয় প্ৰভাৰী শ্ৰীযুত জগদীশ গুপ্তা ডাঙৰীয়াই।
শেষত কৃষক সকলক উন্নত পদ্ধতি ব্যৱহাৰ যোগদি অধিক উৎপাদন কৰি স্বাৱলম্বী হবলৈ আহ্বান জনায়।
 
  
  
  
   
   
   
  