অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া বিহুৰ বিশ্ব অভিলেখ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ আজিৰে পৰা সমগ্ৰ অসমতে আৰম্ভ হৈছে।

আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ লগতে মৰাণ সমষ্টিৰ পৰা নিৰ্বাচিত বিহুৱা-বিহুৱতীৰ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত হৈ তেখেতসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে বিহুক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী বিমল বৰাই । 

অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, অতিৰিক্ত উপায়ুক্তৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।