বুঢ়াগাৱঁত অনুষ্ঠিত গোলাঘাট জিলাৰ পঞ্চম বাৰ্ষিক মৃদঙ্গীয়া গায়ন বায়ন সমাৰোহৰ সফল সামৰণি 

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

 গোলাঘাট 

গোলাঘাট জিলাৰ বাদুলিপাৰৰ বুঢ়াগাঁৱত অনুষ্ঠিত গোলাঘাট জিলাৰ পঞ্চম বাৰ্ষিক মৃদঙ্গীয়া গায়ন-বায়ন সমাৰোহৰ আজি সফল সমাপ্তি ঘটে । ক্ৰমাৎ হেৰাই যাব খোজা মৃগঙ্গীয়া গায়ন বায়নক ধৰি ৰখাৰ প্ৰয়াসেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটিত হাজাৰ হাজাৰ ৰাইজৰ সমাৱেশ ঘটিল । গোলাঘাট জিলাৰ ২৬ টা শাখাই একেলগে মৃদঙ্গীয়া গায়ন-বায়ন পৰিবেশন কৰিলে ৷ শ শ গায়ন বায়নে একলগে মৃদঙ্গীয়া গায়ন বায়ন প্ৰদৰ্শন কৰি চৌ দিশ মুখৰিত কৰা দৃষ্টিনন্দন পৰিবেশে আপ্লুত কৰিলে সকলোকে ৷ আনহাতে সমাৰোহৰ দ্বিতীয় দিনা উলিওৱা হ’ল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ সমাৰোহখনিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ প্ৰদৰ্শন কৰিলে । তদুপৰি 'পদাঙ্ক' নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয় । দেশৰ অন্যতম প্ৰাচীন বাদ্যবিধৰ সৈতে জড়িত শিল্পীসকলক চৰকাৰক শিল্পী পেঞ্চন প্ৰদানৰ বাবে সকলোৱে দাবী কৰিছে । আড়ম্বৰপূৰ্ণভাৱে আয়োজিত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰিবলৈ পাই উদ্যোক্তা সকল আনন্দিত হৈছে। :: বিকাশ শৰ্মা

 ।