বাগছা জিলাৰ অন্তৰ্গত পাচটা শিক্ষাখণ্ড (বাস্কা, টিহু-বৰমা, গৰেশ্বৰ, তামুলপুৰ আৰু জালাহ শিক্ষাখণ্ড) প্ৰথমিক বিদ্যালয়ৰ পৰিচালনা সমিটি সমুহক আজি বৰমা ছোৱালী হাইস্কুলৰ পেক্ষাগৃহত পুৰস্কৃত কৰা হয় ৷ জিলাখনৰ ১৫৬ খন স্কুল পৰিচালনা সমিটিক মানপত্ৰৰ লগতে ট্ৰফি বিতৰণ কৰে ৷ 

 টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিবোৰ মাজৰ পৰা কালজাৰ ২ সমল কেন্দ্ৰৰ পৰা আলাগজাৰ প্ৰাথমিক বিদ্যালয়, কালজাৰ ১ সমল কেন্দ্ৰৰ পৰা ভোগপুৰ জাখেকনা প্ৰাথমিক বিদ্যালয়, আনন্দপুৰ সমল কেন্দ্ৰৰ পৰা দেবছৰা প্ৰাথমিক বিদ্যালয়, বৰমা সমল কেন্দ্ৰৰ পৰা মথাথুলি প্ৰাথমিক বিদ্যালয়, বৰিমাখা সমল কেন্দ্ৰৰ পৰা শিলাখুটি প্ৰাথমিক বিদ্যালয়, দোলবাৰী সমল কেন্দ্ৰৰ পৰা ২০৪ নং সাউকুছি প্ৰাথমিক বিদ্যালয়, খাৰুৱাজান সমল কেন্দ্ৰৰ পৰা ৫১৭(১) নং বাটাছাৰা প্ৰাথমিক বিদ্যালয়, মাধুপুৰ ১ সমল কেন্দ্ৰৰ পৰা ৫১৫ নং দিঘেলী প্ৰাথমিক বিদ্যালয়, মাধুপুৰ২ সমল কেন্দ্ৰৰ পৰা বডোফা ইউ এন মাধ্যমিক বিদ্যালয়, মেৰকুছি সমল কেন্দ্ৰৰ পৰা গেলপেজাৰ প্ৰাথমিক বিদ্যালয়, নমাতি ১ সমল কেন্দ্ৰৰ পৰা ৮১৫ নং সৰু কুছিজাৰ প্ৰাথমিক বিদ্যালয়, নমাতি ২ সমল কেন্দ্ৰৰ ২নং বনগাঁও প্ৰাথমিক বিদ্যালয়, থানগুৰী সমল কেন্দ্ৰৰ পৰা থানগুৰী প্ৰাথমিক বিদ্যালয় আৰু কদমতলা সমল কেন্দ্ৰৰ পৰা কদমতলা মাধ্যমিক বিদ্যালয়ক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বটাঁ প্ৰদান কৰে।  

বটাঁ প্ৰদান কাৰ্যসূচীত বাগছা জিলা সৰ্ব শিক্ষা মিছনৰ আহ্বায়ক ভবেন দেউৰী, শালবাৰী শিক্ষাখণ্ডৰ ডি.আই. মিলন দাস, বাস্কা শিক্ষাখণ্ডৰ বি.ই.ই.অ. সঞ্জয় দেৱনাথ, তামুলপুৰ শিক্ষাখণ্ডৰ বি.ই.ই.অ.অৰুণঞ্জয় শুংগুৰ ব্ৰহ্মৰ লগতে জিলাখনৰ উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়া, প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিবোৰ সভাপতি-সদস্য সকলৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকে।