বিদ্যুত বিভাগৰ অভিযানত জুৰীয়াত বাৰ খনকৈ ই -ৰিক্সা জব্দ*

** *চুৰিকৈ বিদ্যুৎ সংযোগ কৰি বেটাৰী চাৰ্জ কৰিছিল ই- ৰিক্সা চালকে*

*কৃষি কাৰ্য্যত ব্যৱহৃত অধিকাংশ বৈদ্যুতিক মটৰ সংযোগ কৰিছিল চোৰাং ভাৱে*

নগাঁও বিদ্যুৎ সংমণ্ডল (দুই) অধীনস্থ জুৰীয়া বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ এলেকাধীন মাহগুৰি ,কালিয়াডিংগা আৰু কছাৰী গাঁৱত কালি নিশা বিদ্যুৎ বিভাগে জুৰীয়া আৰক্ষীৰ সহযোগত চলোৱা অভিযানত দীৰ্ঘদিন ধৰি চুৰি বিদ্যুৎ সংযোগ কৰি বেটাৰী চাৰ্জ দি অহা বাৰ খনকৈ ই-ৰিক্সা জব্দ কৰাৰ লগতে বিদ্যুৎ চুৰি কৰি অবৈধ ভাৱে কৃষি ভূমিত ব্যৱহাৰ কৰি থকা বহু কেইটা পানী তোলা মটৰো জব্দ কৰে । জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহগুৰি ,কছাৰী গাঁও ,কালিয়াডিংগা আদি অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ ই -ৰিক্সা চালকে একো একোটা ঘৰত চুৰি বিদ্যুৎ সংযোগ কৰি নিশাৰ ভাগত একেলগে বহু কেইখন ই -ৰিক্সাৰ বেটাৰী চাৰ্জ দি আহিছিল ।এক গোপন খৱৰৰ ভিত্তিত জুৰীয়া বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা প্ৰাণকৃষ্ণ মহন্তৰ নেতৃত্বত যোৱা বিদ্যুৎ বিভাগৰ এটা দল আৰু জুৰীয়া আৰক্ষীৰ দলৰ যুটীয়া অভিযানত মাহগুৰি গাঁৱৰ এটা ইণ্ডাষ্টিৰ পৰা ন খন , কালিয়াডিংগা ৰ পৰা এখন আৰু কছাৰী গাৱৰ পৰা দুখন চুৰি বিদ্যুৎ সংযোগ দি বেটাৰী চাৰ্জ দি ৰখা ই-ৰিক্সা জব্দ কৰে ।লগতে অভিযান কাৰী দলটোৱে অঞ্চলটোৰ বিভিন্ন ঠাইত অভিযান চলাই চুৰি বিদ্যুৎ সংযোগেৰে কৃষি কাৰ্য্যত পানী দি থকা কুৰিটাতকৈও অধিক পানীতোলা মটৰ জব্দ কৰে। বিদ্যুৎ বিভাগৰ ধাৰাবাহিক এই অভিযান চলি থাকিলে এনেধৰণৰ বহুতো অবৈধ সংযোগ ধৰা পৰাৰ লগতে অঞ্চলটোত বিদ্যুৎৰ যোগান উন্নত হব বুলি সচেতন মহলে উল্লেখ কৰিছে ।