বাক্সাৰ জিলাৰ নিমুৱাত জালাহ শিক্ষা খণ্ডৰ অন্তৰ্গত বাপুজী হাইস্কুলত কেইবাটাও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ মাজত পৰিৱেশ শিক্ষা সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
বৰ্তমান সময়ত চলি থকা পৰিৱেশ প্ৰদূষণ, বাল্য বিবাহ, ইত্যাদিৰ বিৰুদ্ধে কেইবাটাও বিদ্যালয়ৰ ছাত্ৰ সকলে নিমুৱাত এখন সজাগতা পদযাত্ৰা উলিয়ায় ।
এই পৰিৱেশ সজাগতা পদযাত্ৰাত ছাত্ৰ ছাত্ৰী সকলে বাল্য বিবাহ বন্ধ কৰক , গছপুলি ৰোপণ কৰক , কাগজৰ অপচয় হ্ৰাস কৰক ইত্যাদি ধৰনৰ হাতে হাতে প্লেকাৰ্ড লৈ ৰেলী উলিয়ায়।
লগতে শিক্ষক সকলে এটি এটি গছপুলি ৰোপণ কৰা পৰিলক্ষিত হয়।
সদৌ শেষত বাপুজী হাইস্কুলৰ প্ৰেক্ষাগৃহ প্ৰাঙ্গনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত পৰিৱেশ সজাগতাৰ ওপৰত এক আলোচনাৰ চক্ৰৰ অনুষ্ঠিত হয়।