বাক্সা জিলাৰ বৰমাত তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুস্হিত হোৱা শ্ৰীশ্ৰীমহা বিষ্ণু যজ্ঞৰ আজি দ্বিতীয় দিনৰ কাৰ্য্যসুচী ধৰ্মালোচনী সভাখন অনুস্হিত হৈ যায় ৷ শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি অজয় দাসৰ সঞ্চালনাত অনুস্হিত হোৱা ধৰ্মালোচনী সভাখন উদ্বোধন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গনেশ তামুলীয়ে ৷তেও এই ধৰ্মালোচনী সভাখন জাকজমকতা হোৱা বুলি কৈ ধৰ্মৰ দ্বাৰাই শান্তি সম্প্ৰতি আনিব পাৰি বুলি মন্তব্য কৰে ৷ অন্তৰ শুদ্ধ নহলে যাকযজ্ঞ কৰি লাভ নাই বুলি কয় তেও ৷সকলো মানুহৰ বাবে জীৱনৰ শেষ পৰ্যায় একে ৷এজন মানুহ ভাল হবলৈ বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু বেয়া হবলৈ কোনো সময় নালাগে ৷তেও সকলো মানুহকে অলপ সময়ৰ বাবে হলেও সাধনা আৰু ধ্যান কৰিবলৈ কয় ৷ যি শিক্ষাৰ জ্ঞান নাই তেনে শিক্ষাৰ মুল্য নাই বুলিও ভাষণ প্ৰসঙ্গত কয় গনেশ তামুলীয়ে ৷তেও নিজৰ জন্মভুমিক পাহৰা মানে নিজৰ মাতৃক পাহৰা বুলি কয় ৷মানুহে কৰ্মৰ ফল ভোগ কৰে মৃত্যুৰ আগতে আৰু বেয়া কৰ্ম কৰিলে জন্মতে তাৰ ফল ভোগ কৰিব লাগিব বুলি কয় ৷কলিৰ যুগটো মানুহে নিজকে এজন মানুহ হিচাপে গঢ়ি তুলিব পাৰে ৷তেও ধৰ্মইহে মানুহক জ্ঞান অৰ্জনৰ বাট মোকলাই দিয়ে বুলি কৈ এতিয়া মানুহৰ ধৰ্মৰ প্ৰতি ধাউতি বাঢ়িছে বুলি কয় ৷ ধৰ্মালোচনী সভাত আলোচক হিচাপে উপস্হিত থাকি নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দ্বীপজ্যোতি বৰপূজাৰীয়ে আজিৰ ধৰ্মালোচনী অনুস্হানটোত এক আধ্যাত্মিক পৰিবেশ আৰু সাংস্কৃতিক অনুস্হানে বিৰাজ কৰিছে বুলি কয় ৷তেও সমাজত সমাজসন্মত ইষ্ট সাধন হোৱাকৈ ধৰ্মসভা সমুহ পাতিব লাগে বুলি কয় ৷তেও মানুহৰ বৌদ্ধিক জ্ঞানৰ লগতে আজি আধ্যাত্মিক জ্ঞানো সমানে বাঢ়ি অহা বুলি কয় ৷তেও যজ্ঞক বিশ্বব্ৰহ্মাণ্ডৰ নাভি বুলি কৈ যজ্ঞ এটা কুন্দ খাণ্ডি তাত পূজা কৰা হয় বুলি কয় ৷যজ্ঞই গোটেই জগতৰ উন্নতি সাধন কৰে বুলি কোৱাৰ লগতে যজ্ঞই কাকো হীন পৰ নাভাভে বুলি কয় ৷ যজ্ঞই সকলোকে সমানে ভাবে ৷যিখিনি পোৱা যায় তাৰে অলপ হলেও অন্যৰ কাৰনে এৰি দিব লাগে বুলি কয় ৷যজ্ঞই মানুহৰ মন মগজুৰ উন্নতি সাধন কৰে ৷যজ্ঞই মানুহৰ কল্যান সাধন কৰে বুলি মন্তব্য কৰে ড: দ্বিপজ্যোতি বৰপুজাৰীয়ে ৷ সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে আধ্যাত্মিকতাৰ বিষয়ে বক্তব্য ৰাখে ৷তেও প্ৰতিজন মানুহৰে কিবা নহয় কিবা এটা অলৌলিকতা থাকে বুলি কয় ৷ কিন্তু প্ৰতিজন ব্যক্তি আজি সৎ হব নোৱাৰে ৷সৎ হব লাগিলে মানুহৰ অন্তৰ পবিত্ৰ হব লাগিব ,মন শুদ্ধ হব লাগিব বুলি কয় ৷ ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পদ খাৰিজ সম্পৰ্কে মন্তব্য প্ৰকাশ কৰে । ৰাহুল গান্ধীৰ খাৰিজক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় গুৱাহাটী উচ্চন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ভাৰতবৰ্ষ এখন গনতান্ত্ৰিক দেশ বুলি কৈ এই দেশত সকলো কাম গনতন্ত্ৰৰ মাধ্যমেৰে কৰা হয় বুলি কয় । তেও গনতান্ত্ৰিক দেশ এখনত ন্যায়পালিকাৰ ব্যবস্থাও আছে বুলি কয় । গতিকে ৰাহুল গান্ধীক ন্যায়পালিকাই দোষী সাব্যস্ত কৰি সাংসদ পদ খাৰিজ কৰিছে বুলি মন্তব্য কৰে জেষ্ঠ অধিবক্তাগৰাকীয়ে । ইয়াত ৰাজনৈতিক অভিসন্ধিৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি দোহাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আহ্বান জনায় কংগ্ৰেছক । কংগ্ৰেছে যদি ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে মাত মাতে তেতিয়া সমাজত ন্যায়পালিকাৰ প্ৰতি বিশ্বাস সেইটো নোহোৱা বুলি কয় ৷সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসমবানী কাকতৰ সম্পাদক দিলীপ চন্দন ৷প্ৰাক্তন ই এম তথা বিশিষ্ট সমাজকৰ্মী অনচুমৈ খুংগুৰ বসুমতাৰী ,বিশিষ্ট লেখিকা মনিশা শৰ্মা ,ৰেচম বিভাগৰ প্ৰাক্তন অধ্যক্ষ মোহন বৰ্মন,ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক অপুৰ্ব কুমাৰ বুজৰবৰুৱা,নীৰুপম শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়াই ৷উক্ত সভাতে শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ স্মৃতি গ্ৰন্থ "মহাবিষ্ণু" উন্মোচন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ফটিক চন্দ্ৰ শৰ্মাই ৷তেও গ্ৰন্থখন উন্মোচন কৰি স্মৃতি গ্ৰন্হই অনুস্হানসমুহ জীয়াই ৰাখিব পাৰে বুলি কয় ৷তেও এখন স্মৃতিগ্ৰন্থই সমাজৰ কৃষ্টি,সংস্কৃতি,সভ্যতা ,মানুহৰ সমাজ আৰু জীৱন ধাৰনৰ সকলো দিশ প্ৰতিফলিত কৰে ৷স্মৃতিগ্ৰন্থ এখন সমাজ জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰি স্মৃতিগ্ৰন্থ সমাজৰ দলিল বুলি কয় ৷উল্লেখ্য যে উক্ত অনুস্হানত আদৰনী ভাষণ আগবঢ়াই মিলন দাসে ৷আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে যজ্ঞ পৰিচালনা সমিতিৰ মুখ্য সম্পাদক ধনজিৎ মেধিয়ে ৷