মৰাণৰ সমীপৰ ঔফলিয়া গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় লখিমী সবাহ । সপ্তম পঞ্চবাৰ্ষিক লখিমী সবাহত গাঁওখনৰ লগতে বহুকেইখন গাঁৱৰ লোকে অংশগ্ৰহণ কৰে । সোণোৱাল কছাৰী লোকসকলৰ পৰম্পৰা অনুসৰি এই লখিমী সবাহ প্ৰতি পাছ বছৰ মূৰে মূৰে গাঁওবাসীয়ে অনুষ্ঠিত কৰে । সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই লখিমী সবাহত শোভাযাত্ৰা কৰি দোলা লৈ লখিমীক নৈ অথবা জান, জুৰি পৰা আনিবলৈ যায় ।

এনেধৰণৰ দোলাত লখিমী নামঘৰলৈ অনাৰ পাছতে নামঘৰৰ পৰা গাঁৱৰ সকলোৱে লখিমী ঘৰলৈ আনে ।