নাজিৰালৈ Gem of Assam Samann' আন্তঃৰাষ্ট্ৰীয় বটাৰে গৌৰৱ কঢ়িয়ালে অৰিয়ন প্ৰিয়ম বৰকাকতীয়ে ।

শিৱসাগৰ জিলাৰ নাজিৰাস্হিত ডি.পি.এচ. , অ'.এন.জি.চি., নাজিৰা স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অৰিয়ন প্ৰিয়ম বৰকাকতীক SIDVI Foundation য়ে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত অসমীয়া সংস্কৃতিৰ আহৰণ, সংৰক্ষণ, আৰু সংবৰ্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে এগৰাকী অন্যতম প্ৰতিভাশালী লোক শিশু শিল্পী ৰূপে 'Gem of Assam Samann' 

আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত কৰা হয়। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপকদ্বয় ড০ বিদ্যানন্দ বৰকাকতী আৰু ড০ ৰিমঝিম বৰাৰ সুযোগ্য সন্তান শিশুশিল্পী গৰাকীয়ে তিনি বছৰ বয়সৰে পৰা ঢোল বজাবলৈ আৰম্ভ কৰে । তেওঁ বৰ্তমান ঢোলৰ বিভিন্ন ওজা হাতৰ ওপৰিও খোল, নাগাৰা, তথা অন্যান্য অসমীয়া বাদ্যযন্ত্ৰ আৰু পাশ্চাত্য বাদ্যযন্ত্ৰ কি-বৰ্ড , গীটাৰ আদি অনেক বাদ্যত পাৰ্গতালি প্ৰদৰ্শন কৰাৰ উপৰিও বিশবাৰকৈ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ মহাপুৰুষীয়া ভাওনাত ভক্ত প্ৰহ্লাদৰ চৰিত্ৰত অভিনয় কৰে। লগতে" দিঠকত হেৰাল সপোন "নামৰ অসমীয়া চলচ্চিত্ৰখনত মুখ্য শিশু চৰিত্ৰ এটিটো অভিনয় কৰিছিল। উদীয়মান শিশুশিল্পী গৰাকীৰ এই কৃতিত্বত শিক্ষক, শিল্পী সকলৰ লগতে অসম তথা ভাৰতৰ অসংখ্য গুণমুগ্ধ লোকে উত্তৰোত্তৰ উন্নতি কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।