বৰমা:

পৰিবৰ্তনৰ শ্লোগানেৰে বিটিআৰৰ গাদী দখল কৰা UPPL-BJP মিত্ৰজোটৰ চৰকাৰৰ দিনত নিজ গাঠিৰ ধনেৰে পথ মেৰামতি কৰি আহিছে ভোগপুৰ অঞ্চলৰ ৰাইজে।এজাক বৰষুণতে পথটোৰে অচল হৈ পৰে যাতায়ত সেৱা।দৈনিক শতাধিক লোক আহ যাহ কৰা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথটোৰে জৰুৰীকালীন সেৱাৰ লগতে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসুবিধাৰ।একাঠু বোকাৰ মাজত এইদৰে দিন কটাইছে এই অঞ্চলৰ ৰাইজে।নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে পথ নিৰ্মাণৰ আশ্বাস দিয়ে যদিও পিছৰ পৰ্যায়ত এয়া ফুটুকাৰ ফেনত পৰিণত হয়।বাৰম্বাৰ বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ লগতে মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইএম ৰাকেশ ব্ৰহ্মক পথ মেৰামতিৰ দাবী জনাই আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ।