🔴কুৰুৱাবাহীত চুৰি কাণ্ড : লক্ষাধিক টকাৰ সামগ্ৰী চুৰি।

◾বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ বোকাখাতৰ কুৰুৱাবাহী তিনিআলিত চুৰি কাণ্ড।

◾ৰাহুল ঠাকুৰ নামৰ ব্যক্তিজনৰ "স্পিড'ফনিক আই টি চল'চন" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পকী বেৰ ভাঙি চোৰে চুৰ কৰি নিলে নগদ ধন, আৰু লক্ষাধিক টকাৰ মোবাইল ফোনকে আদি কৰি অন্যান্য সামগ্ৰী।

◾প্ৰতিষ্ঠানটোত থকা চি চি টিভি কেমেৰা ভাঙি ডি ভি আৰটোও লৈ যায় চোৰে।

◾ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

◾উল্লেখযোগ্য যে অঞ্চলটোত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আছে যদিও বোকাখাত আৰক্ষীয়ে বৰ্তমানলৈকে চোৰ আটক কৰিব নোৱাৰাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।