ৰহা বজাৰ সাৰ্বজনীন পূজা মণ্ডপ ত ১৯ তাৰিখে অধিবাস আৰু ২০ তাৰিখে সুৰ্য্যোদয়ৰ লগে লগে আৰম্ভ হোবা ৩২ প্ৰহৰ ৬দিনীয়া হৰিনাম কীৰ্ত্তন ও মহোৎসৱ ৰ আজি পূবা সুৰ্য্যোদয় ৰ লগে লগে সমাপন হৈ আৰু সমস্ত ক্ষেত্ৰ হৰিনাম ৰসেৰে মুখৰিত হৈ পৰিল।
মহোৎসৱ ৰ অন্তিম দিন বৃহস্পতি বাৰে ৰাতি ৰহা ৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক পুৰুষ মহিলা যুবক যুবতী আৰু কন কন শিশু সকলে মহাআৰতিত অংশ লৈ সমস্ত ক্ষেত্ৰ হৰিনামেৰে ভক্তিময় কৰি তুলে আৰু আজি পূবা সুৰ্য্যোদয়ৰ লগতে ৩২ হৰিনাম কীৰ্তনৰ সমাপন ৰ লগে লগে ৰহা হৰিনাম স্থলিৰ পৰা ভক্ত সকলে পূবা ৫বজাত ঢোলৰ থাপে থাপে হৰিনাম পৰিবেশন কৰি নগৰ ভ্ৰমন কৰে।