অসমৰ জাতীয় উৎসব তথা অসমীয়াৰ হেঁপাহৰ  ৰঙালী বিহু ক লৈ ৰহা ৰ বিভিন্ন অঞ্চলত ব্যাপক প্ৰস্তুতি ৰহা বাসীৰ দ্বাৰা চলাই থকাৰ লগতে ৰহা ৰ বিভিন্ন অঞ্চলত বিহু কৰ্মশালাৰ আয়োজন কৰি যুৱক যুবতী,কন কন শিশু সকলক বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰশিক্ষক সকলৰ দ্বাৰা দী থকাৰ লগতে ঢোল নিৰ্মানত ব্যস্ত হৈ পৰিছে কাৰিকৰ সকল।লগতে বিভিন্ন বিহু উদযাপন সমিতিৰ দ্বাৰা বিহু আয়োজন ৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে।

   ৰহাৰ চাপৰমুখ স্থিত লক্ষ্মী নাৰায়ন বাদ্য ভান্ডাৰ ৰ কৰ্মচাৰীৰ সকল দিনৰাতি ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মানত।

   লক্ষী নাৰায়নৰ স্বতাধিকাৰী সুবল দাসে জানিবলৈ দিয়ে যে এইবাৰ বিহু ৰ বাবে বৰপেটা, নলবাৰী, বঙাইগাঁও, লামডিং ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঢোল নিৰ্মানৰ বাবে বিহু প্ৰেমি ৰাইজ আহিছে।