যৌন নিৰ্যাতনকাৰী শিক্ষকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড গোলাঘাট বিশেষ আদালতৰ

এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত আজি গোলাঘাটৰ বিশেষ পকছ' আদালতে এজন ঘৰুৱা শিক্ষকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ নিৰ্দেশ জাৰি কৰে । গোলাঘাটৰ বিশেষ চৰকাৰী অধিবক্তা প্ৰেমধৰ বৰাই জানিবলৈ দিয়া মতে ২০১৯ চনত সৰুপথাৰ মহকুমাৰ অন্তৰ্গত বৰপথাৰ অঞ্চলত গোপাল শইকীয়া নামৰ এজন ঘৰুৱা শিক্ষকে এগৰাকী ১০-১১ বছৰীয়া কিশোৰীক টিউচন কৰাৰ চলেৰে যৌন উৎপীড়ন চলাই আহিছিল। প্ৰথম অবস্থাত যুব শিক্ষকজনৰ ভাবুকিৰ বাবে ভুক্তভোগী কিশোৰীগৰাকীয়ে পৰিয়ালক তেওঁৰ ওপৰত চলা উৎপীড়নৰ বিষয়ে পৰিয়ালৰ লোকক অবগত কৰা নাছিল । কিন্তু পাছত কিশোৰী গৰাকীয়ে গোপাল শইকীয়াৰ ওচৰত টিউচন কৰিবলৈ যাবলৈ অমান্তি হোৱাত পৰিয়ালৰ লোকে বিষয়টো চালি জাৰি চাই এই যৌন উৎপীড়নৰ বিষয়ে জানিব পাৰে । লগে লগে পৰিয়ালৰ লোকে এই সন্দৰ্ভত বৰপথাৰ থানাত এক গোচৰ তৰে । আৰক্ষীয়েও ১৬২/২০১৯ নম্বৰত এক গোচৰ ৰজু কৰি অভিযুক্ত গোপাল শইকীয়াক জেল হাজোতলৈ প্ৰেৰণ কৰে । পৰবৰ্তী সময়ত গোলাঘাটৰ বিশেষ পকছ' আদালতত এই গোচৰৰ শুনানী চলিল । আদালত সকলো সাক্ষী বাদী গ্ৰহণ কৰি আজি বিশেষ ন্যায়াধীশ ৰুবিনা শৰ্মাৰ আদালতে অভিযুক্ত গোপাল শইকীয়াক দোষী সাব্যস্ত কৰে আৰু তেওঁক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহাৰ নিৰ্দেশ দিয়ে। একেটা নিৰ্দেশৰ জড়ইয়তএ আদালতে নিৰ্যাতিতা কিশোৰীগৰাকীক উপযুক্ত ক্ষতিপূৰন দিবলৈ জিলা আইন প্ৰাধিকাৰীক নিৰ্দেশ দিয়া বুলি চৰকাৰী অধিবক্তা প্ৰেমধৰ বৰাই জানিবলৈ দিয়ে ।