বিশ্ব শান্তিৰ মহান উদেশ্যৰে পূবগডমাৰী শিবমন্দিৰ পৰিচালনা সমিতিৰ ৰ উদ্যোগত অহা ৩১ মাৰ্চৰ পৰা ২ এপ্ৰিল লৈকে পূব গড়মাৰী-ৰহা চাপৰমুখ পথ স্থিত পূব গড়মাৰিত তিনিদিনীয়া বিস্তৃত ধাৰ্মিক কাৰ্য্যসূচীৰে নৱম বাৰ্ষিক শ্ৰীমদ্ভগৱতগ পাঠ ৰ আয়োজন কৰা হৈছে।

সভাপতি সঞ্জীৱ কুমাৰ বৰা আৰু সম্পাদক উৎপল হাজৰিকা জানিবলৈ দিয়া মতে ৩১ মাৰ্চত পূবা ৭বজাত প্ৰাত:প্ৰসংগ আৰু ধৰ্মধব্জা উওোলনেৰে তিনি দিনীয়া কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে ৮.৩০ বজাত শ্ৰী ভাগবত ভ্ৰমন,বন্তি প্ৰজ্বলন,ভাগবত স্থাপন ৰ কাৰ্য্যসূচী অনুষ্ঠিত হব।

১১বজাত খোল আৰু নাম প্ৰসংগ ৰ লগতে শ্ৰীমদ্ভগৱতগ পাঠৰ শুভাৰম্ভ হব।

১বজাত পাঠৰ ভোগ।

দ্বিতীয় দিন ১এপ্ৰিলত অবিৰত পাঠ চলি থাকিব আৰু ১ বজাত পাঠৰ ভোগ।

পাঠৰ ৩য় ও অন্তিম দিনা দিনৰ ১২ বজাত শ্ৰীমদ্ভগৱতগ পাঠ সমাপন হোবাৰ লগতে দিহানামন পৰিবেশন কৰা হব।

১ বজাত ধৰ্মধব্জা অবতৰন আৰু ১.৩০ বজাত প্ৰসাদ বিতৰন ও সামৰনী ভোগ গ্ৰহন।

বিয়লী ৩বজাত আমন্ত্ৰিত ভকত ও পাঠক সকলৰ বিদাই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব।

আয়োজক সকলে দিনীয়া কাৰ্য্যসূচীত সমুহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতি কামনা কৰিছে।