বিশাল অভিভাৱক সমাৰোহ।।*
গোলাঘাট
পূব প্ৰাথমিক শিক্ষা খণ্ড-গোলাঘাটৰ অন্তৰ্গত আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বপ্ৰথমবাৰ বিদ্যালয়খনত সোমবাৰে অনুষ্ঠিত কৰা হয়- এক বিশাল অভিভাৱক সমাৰোহ। প্ৰতিকুল বতৰৰ বাবে দূৰ-দূৰণিৰ অভিভাৱক তথা বৃহত্তৰ অঞ্চলটোৰ ৰাইজ সমাৰোহলৈ আহিব নোৱাৰিলে যদিও চাৰি শতাধিক ৰাইজ উপস্থিত থাকি সমাৰোহখনক সাফল্যমণ্ডিত কৰি তোলে। উল্লেখযোগ্য যে বহু ব্যস্ততাৰ মাজতো গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক(IS) তথা জিলা শিক্ষা বিষয়া( DEEO)ড০ সমীৰণ বৰা আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া(BEEO) প্ৰণৱ কুমাৰ বৰা *অভিভাৱক সমাৰোহত* উপস্থিত থাকি সভাৰ সৌৰভ-সৌষ্ঠৱ বৃদ্ধি কৰে। তদুপৰি বিষয়া দুগৰাকীৰ উপৰিও বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি শিশুৰাম সোণোৱালে পৌৰোহিত্য কৰা সমাৰোহত উপস্থিত আছিল বিদ্যালয়খনৰ ভূমিদাতা অশীতিপৰ জীৱনেশ্বৰ ফুকন, বিদ্যালয়ৰ তোৰণ দাতাৰ পুত্ৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন সভাপতি দিপাংকৰ সোণোৱাল, প্ৰাক্তন সভাপতি উপেন সোণোৱাল আৰু বৰ্তমান বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শিক্ষাবন্ধু চন্দ্ৰকান্ত শইকীয়া লগতে উপস্থিত আছিল দুগৰাকীৰ শিক্ষাবন্ধু যথাক্ৰমে তৰুণ গগৈ আৰু ৰঞ্জিত মুড়া।
উল্লেখযোগ্য যে আজিৰ অভিভাৱক সমাৰোহত একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঝুমুৰ, আধুনিক সৃজনশীল গীত-নৃত্য, বিহু নাচ আদি পৰিৱেশ কৰি অনুষ্ঠানভাগৰ সুৱাস, সৌন্দৰ্য আৰু মধুৰতা বৃদ্ধি কৰে।
🛑স্মৰ্তব্য যে- শৈক্ষিক দিনপঞ্জীৰ অনুসৰি 20 মাৰ্চত চাৰিওটা গোট মূল্যায়ন তথা বাৰ্ষিক মূল্যায়নৰ ফলাফল ঘোষণাৰ এই দিনটোতেই প্ৰতিটো শ্ৰেণীত (ষষ্ঠ, সপ্তম আৰু অষ্টম) আটাইকৈ বেছি উপস্থিত থাকি প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা দুজনকৈ মুঠ ছজন ছাত্ৰ-ছাত্ৰীক একোখন কিতাপৰে পুৰস্কৃত কৰাৰ উপৰিও তেওঁলোকৰ পিতৃ-মাতৃক একোখনকৈ গামোচা আৰু এটাকৈ মূল্যৱান *মেহেগনী গছপুলি* দি সন্মানিত কৰা হয়।
🛑 ইয়াৰ উপৰিও নম্বৰ/গ্ৰেডৰ ক্ষেত্ৰত তিনিওটা শ্ৰেণীত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা তিনিটা শ্ৰেণীৰ ছজন ছাত্ৰ-ছাত্ৰীক ছাত্ৰ-ছাত্ৰীক একোখনকৈ কিতাপ আৰু তেওঁলোকৰ অভিভাৱক তথা পিতৃ-মাতৃসকলক এখনি ফুলাম গামোচ আৰু এটি এটি *মেহেগনী* গছপুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকে(i/c) প্ৰতি শৈক্ষিক বৰ্ষৰ ফলাফল ঘোষণাৰ দিনটোতে নিজৰ খৰছেৰে এনে পুৰস্কাৰ তথা বঁটা প্ৰদান কৰে আৰু অনাগত দিনতো এনে অনুষ্ঠান পাতি যোৱাৰ কথা উল্লেখ কৰে।