ৰহা ৰ চাপৰমুখ সিংহ গাঁও স্থিত ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত অহা ৪ এপ্ৰিলৰ পৰা ১৫ দিনীয়া বিস্তৃত ধাৰ্মিক কাৰ্য্যসূচীৰে নবম গুৰু  শ্ৰী গুৰু টেগ বাহাদুৰজীৰ ৪০২তম জন্মোৎসব (প্ৰকাশ পৰ্ব)অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু সূচাৰু পৰিচালনা কৰিবৰ বাবে এখনি উদযাপন সমিতি গঠন কৰা হৈছে।

    উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ৪ এপ্ৰিল ত প্ৰভাত ফেৰীৰ পাছত পবিত্ৰ অখন্ড পাঠৰ  শুভাৰম্ভ কৰাৰ লগতে ১৫ দিনীয়া প্ৰকাশ পৰ্ব ৰ আৰম্ভণি হব।

    ৪ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ নিৰবিছিন্ন ভাবে মুঠ ১৪টি পবিত্ৰ পাঠ চলি থাকিব।

     প্ৰকাশ পৰ্ব ৰ উপলক্ষে ১৭ এপ্ৰিলত দুপৰীয়া ১বজাত  মাতাজী গুৰুদ্বাৰা ৰ পৰা নগৰ কীৰ্তন ৰ শুভাৰম্ভ হব।নগৰ কীৰ্তনত সুসজ্জিত বাহনত শ্ৰী গুৰু গ্ৰন্থ চাহিবজীৰ আগত পাঁচপিয়াৰা,নিচান চাহিব,বেন্ড পাৰ্টি, প্ৰসিদ্ধ জথাপাৰ্টি,স্থানিয় ঢোল খোল লৈ নগৰ ভ্ৰমন কৰা হব।

   নগৰ কীৰ্ত্তন ৰ পাছত কবি দৰবাৰ অনুষ্ঠিত হব। ,কবি দৰবাৰত সন্ধিয়া বিশিষ্ঠ সংগীতজ্ঞ আৰু জ্ঞানী ৰ দ্বাৰা চবত কীৰ্ত্তন আৰু গুৰুবানী পৰিবেশন কৰা হব।লগতে স্বৰ্গীয় আনন্দ সিংহ আৰু দেবী সিংহ সোঁৱৰণী কীৰ্ত্তন/গুৰুবানী প্ৰতিযোগীতা অনুষ্ঠিত হব।

  প্ৰকাশ পৰ্ব ৰ অন্তিম দিনা ১৮ এপ্ৰিলত মুঠ ১৪ টি পবিত্ৰ পাঠ ৰ সমাপ্তি ৰ পাছত পূবা ১০ বজাৰ পৰা কীৰ্ত্তন দৰবাৰ আৰম্ভ হব। কীৰ্তন দৰবাৰত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ জ্ঞানী,জাথেদাৰ ধৰ্ম পৰিচালক, বিশিষ্ট লেখক সাহিত্যিক ও গনমান্য ব্যক্তি আৰু ভক্তপ্ৰান সাধ সংগত ৰ সমাবেশ হব।

  ১৫ দিনীয়া প্ৰকাশ পৰ্ব সূচাৰু পৰিচালনাৰ বাবে সৰদাৰ ৰাজবীৰ সিংহক সভাপতি আৰু সৰদাৰ ভজন সিংহক সম্পাদক হিচাপে লৈ ৪৩জনিয়া এখনি কৰ্নধাৰ প্ৰকাশ পৰ্ব উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি চলাই থকা হৈছে।