Tihu, Hirak Jayanti 

টিহু মহকুমাৰ অন্তৰ্গত ভাল্লা চ’কত অৱস্থিত ঐতিহ্যমণ্ডিত ১০৯৫ নম্বৰ বামুণবৰী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী মঙ্গলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হয়। মঙ্গলবাৰে পুৱা ১০৯৫ নম্বৰ বামুণবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কলিতাই বিদ্যালয়ৰ পতাকা উত্তোলনেৰে হীৰক জয়ন্তীৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে উদযাপন সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট চিকিৎসক ডাঃ যোগেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে শ্বহীদ তৰ্পন, স্মৃতি তৰ্পন, গছপুলি ৰোপন আৰু হীৰক জয়ন্তী উপলক্ষে একেলগে ৭৫ খন পতাকা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে উত্তোলন কৰে । ইয়াৰ পিছতে কালীকান্ত গোস্বামী আৰু যামিনী গোস্বামী সোঁৱৰণী স্থায়ী তোৰণ উদ্বোধন কৰে ডাঃ যোগেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে । ইয়াৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে প্ৰাক্তন ছাত্ৰ হৰেন্দ্ৰ নাথ শৰ্মাই । সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি সমুহ প্ৰদৰ্শন কৰা হয় । আবেলি দামোদৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হব প্ৰাক্তন শিক্ষাৰ্থীৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠান। বিয়লি বিভিন্ন প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । বুধবাৰে পুৱা সমুহীয়া চাফাই, ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত বিয়লি ডাঃ যোগেন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হব লগা মুকলি সভাত অংশ গ্ৰহন কৰিব পঞ্চায়ত, গ্ৰামোন্নয়ণ, খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, বিদ্যালয় সমুহৰ উপ পৰিদৰ্শক ভূপেন শৰ্মা, বিশিষ্ট সমাজ কৰ্মী বাণী কলিতা, শিক্ষাসেৱী ৰঞ্জিৎ ডেকা, বাঘমাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° সুৰজিৎ বৰ্মন, অৱসৰী বিষয়া চিত্তৰঞ্জন ডেকা আদি বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহন কৰিব। উক্ত সভাতেই সাংবাদিক কিশোৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ হব লগা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব দিশপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মামনি কলিতাই। নিশা সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব কিশোৰ কলিতাই। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ান, দিব্যাক্ষী চৌধুৰী, কৰবী কাশ্যপ আৰু নিয়ৰ বিকাশে সংগীত পৰিবেশন কৰিব |