:এই ঘটনা তেজপুৰৰ৷ তেজপুৰৰ ভোজখোৱাত অৱস্হিত ভোজখোৱা চাপৰি নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ভোজখোৱা উপ-স্বাস্হ্য কেন্দ্ৰ৷

এক বৃহত্তৰ চৰকাৰী ভূমিত অৱস্হিত দুয়োটা স্বাস্থ্য কেন্দ্ৰতে সততে চিকিৎসক-কৰ্মচাৰী নথকাৰ লগতে প্ৰয়োজনীয় দৰৱ বিচাৰি ৰোগীয়ে হাঁহাকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ পিছত সাংবাদিকৰ এটা দল শনিবাৰে উপস্হিত হৈছিল হাস্পতালখনত৷

কিন্তু মন কৰিব লগীয়া কথা এয়ে যে - হাস্পতালৰ আৱাসত দমে-দমে পৰি আছে এই সমূহ সামগ্ৰীহে৷

প্ৰথম দৃষ্টিত আপুনি দৰৱৰ টোপোলা বুলি ভুল কৰিব৷

ভুল কৰিছিল সাংবাদিকৰ দলেও৷

কিন্তু টোপোলা খুলি চোৱাতহে ওলাল ওৰহি গছৰ ওৰ৷

এয়া দৰৱ নহয়৷

দৰৱৰ পৰিৱৰ্তে টোপোলা সমূহত আছে হালধি, আটা, চাউল, আলু-পিঁয়াজকে ধৰি খাদ্য সামগ্ৰীহে৷

দৰাচলতে এয়া হৈছে হাস্পতালখনৰ চকীদাৰ হানিফ মুস্তাফাৰ বজাৰৰ সামগ্ৰী৷ বপুৰাই হাস্পতালত চকীদাৰী কৰি চৰকাৰী দা-দৰমহা আদায় কৰি অহাৰ সমান্তৰালকৈ বজাৰতো বেপাৰ চলাই আহিছে৷ আৰু বজাৰৰ এই সমূহ সামগ্ৰীয়েই এনেদৰে হাস্পতালত ৰাখি চাইড-ইনকাম কৰি আহিছে৷

পিছে সাংবাদিকৰ দল হাস্পতালত উপস্হিত হোৱাৰ উমান পাই পলৰই পত্ৰং দিলে চকীদাৰ হানিফ মুস্তাফাই৷

আনহাতে, হাস্পতালখনৰ এইজন কৰ্মচাৰী আকৌ বিষয়টোত অজ্ঞতা প্ৰকাশ কৰি চকীদাৰজনক ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টা কৰাৰ সমান্তৰালকৈ স্হানীয় এইজন ব্যক্তিয়েও বেপাৰীৰূপী চকীদাৰক বচোৱাৰ চেষ্টা চলালে৷

এয়াই নেকি ভিতৰুৱা অঞ্চলৰ চৰকাৰী চিকিৎসাখণ্ডৰ আচল ৰূপ ? য'ত নিজ খেয়ালখুচিৰে চকীদাৰেও ৰাজত্ব চলায়৷ অভিযুক্ত চকীদাৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ? অৱশ্যে এটা কথা - মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ?