সোণাৰিত বিশ্ব মুখ-স্বাস্থ্য দিৱস পালন

চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বিশ্ব মুখ-স্বাস্থ্য দিৱস পালন কৰা হয়। এই উপলক্ষে আজি চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভা কক্ষত এখন সজাগতা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ডি পি এম অভিজিত শৰ্মাই আঁতধৰা সভা খনত যুটীয়া সঞ্চালক ডাঃ চৈয়দ তফিক হুছেইন, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হেমন্ত বাইলুং, জিলা প্ৰতিষেধক বিষয়া ডাঃ সুনীল কুমাৰ হাজং, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ কল্পনা বৰুৱা, দন্ত চিকিৎসক নিলম নিচা, স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাস, দীপক হাজৰিকা আদিয়ে দাঁত আৰু মুখৰ ৰোগৰ প্ৰধান কাৰণ আৰু প্ৰতিকাৰৰ লগতে মুখৰ সুস্বাস্থ্য বজাই ৰখাৰ পদক্ষেপ সমূহৰ বিষয়ে ভাষণ দিয়ে।